বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্রদান

author img

By

Published : Sep 7, 2022, 6:24 PM IST

Updated : Sep 7, 2022, 6:34 PM IST

বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা, ২০২২ প্রদান

বিশ্বনাথ জিলাৰ বিশ্বনাথ শিক্ষা খণ্ডৰ ১৫৩ গৰাকী, ছয়দুৱাৰ শিক্ষা খণ্ডৰ ২৫০ গৰাকী আৰু বিহালী শিক্ষা খণ্ডৰ ৫০ গৰাকীকে ধৰি বঁটা প্ৰাপক মুঠ ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ষোল্ল হাজাৰ টকাকৈ সৰ্বমুঠ ৭২,৪৮,০০০ টকা একাউন্টযোগে প্ৰদান কৰা হয় ।

বিশ্বনাথ,৭ ছেপ্টেম্বৰ: সদ্যঘোষিত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পয়সত্তৰ শতাংশ বা তাতোধিক নম্বৰ প্ৰাপ্ত বিশ্বনাথ জিলাৰ সৰ্বমুঠ ৪৫৩ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক আজি আনন্দৰাম বৰুৱা বঁটা (Anandaram Barooah award) প্ৰদান কৰা হয় । বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ প্রেক্ষাগৃহত বুধবাৰে বিয়লি অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পয়সত্তৰ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত মেধাৱী ছাত্র-ছাত্রীৰ প্রতিগৰাকীলৈ ষোল্ল হাজাৰ টকাকৈ আগবঢ়োৱা হয় ।

বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা, ২০২২ প্রদান
বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা, ২০২২ প্রদান

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি বিশ্বনাথ জিলা প্ৰশাসন (Biswanath district administration) আৰু মাধ্যমিক শিক্ষা বিভাগৰ যৌথ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে প্ৰদান কৰা এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডীন ড৹ ৰণেন্দ্ৰ নাথ বৰ্মনে পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৃতিৰ ওপৰত নাতিদীৰ্ঘ ভাষন প্ৰদান কৰি মেধাৱী ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে এনেদৰে বঁটা প্ৰদান কৰি অহা কাৰ্যক প্ৰশংসনীয় আখ্যা দি ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান বিকাশৰ যাত্ৰাক উৎসাহিত কৰিব বুলি মন্তব্য কৰে ।

বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা, ২০২২ প্রদান
বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা, ২০২২ প্রদান

মুখ্য অতিথি সহযোগী ডীন ড৹ বৰ্মনে চৰকাৰৰ এনে বঁটাক জীৱনত উত্তৰণৰ আধাৰ হিচাপে লৈ শৈক্ষিক দিশত আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায় । বিশ্বনাথৰ মণ্ডল সমন্বয়ক অঞ্জন বৰাই আঁত ধৰা আৰু জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰাৰম্ভতে পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডীন ড৹ ৰণেন্দ্ৰ নাথ বৰ্মন আৰু অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক ড৹ সুৰ্যকমল বৰাই ।

বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা, ২০২২ প্রদান
বিশ্বনাথত ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা, ২০২২ প্রদান

বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই আদৰনি ভাষন প্ৰদান কৰা এই বঁটা প্ৰদান অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি ৰাজ্য চৰকাৰে গ্ৰহন কৰি অহা এনে পদক্ষেপে শৈক্ষিক জ্ঞান আহৰণত সহায়ক হব বুলি উল্লেখ কৰে ।

এই অনুষ্ঠানত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক ড৹ সুৰ্যকমল বৰা, বিশ্বনাথ আৰু বিহালী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াদ্বয় ক্ৰমে কৰুণাকান্ত ভট্ট আৰু নৱৰত্ন কাকতি আদিও উপস্থিত থাকে । আজিৰ এই অনুষ্ঠানত জিলাখনৰ তিনিটাকৈ শিক্ষাখণ্ডৰ ছয় গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিনিধিত্বমূলকভাৱে বঁটা প্ৰদান কৰাৰ পিছতে এই বঁটাৰ বাবে নিৰ্বাচিত জিলাখনৰ মুঠ ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্টযোগে নিৰ্দিষ্ট ধনৰাশি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।

মনকৰিবলগীয়া যে আজি বিশ্বনাথ জিলাৰ বিশ্বনাথ শিক্ষা খণ্ডৰ ১৫৩ গৰাকী, ছয়দুৱাৰ শিক্ষা খণ্ডৰ ২৫০ গৰাকী আৰু বিহালী শিক্ষা খণ্ডৰ ৫০ গৰাকীকে ধৰি বঁটা প্ৰাপক মুঠ ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ষোল্ল হাজাৰ টকাকৈ সৰ্বমুঠ ৭২,৪৮,০০০ টকা একাউন্টযোগে প্ৰদান কৰা হয় ।

লগতে পঢ়ক: কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে শপত ল'লে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাই

Last Updated :Sep 7, 2022, 6:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.