ETV Bharat / state

বিজেপিৰ দিনত সমন্বয় ঘূৰি আহিছে: সৰ্বানন্দ সোণোৱাল

author img

By

Published : Apr 1, 2021, 6:52 PM IST

বৰপেটা সমষ্টিৰ অগপ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰপেটাৰ পালহাজীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অগপ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তও উপস্থিত নিৰ্বাচনী প্ৰচাৰ সভাত ৷ বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ ৷

বিজেপিৰ দিনত সমন্বয় ঘূৰি আহিছে: সৰ্বানন্দ সোণোৱাল
বিজেপিৰ দিনত সমন্বয় ঘূৰি আহিছে: সৰ্বানন্দ সোণোৱাল

বৰপেটা,1 এপ্ৰিল: বৰপেটা সমষ্টিৰ অগপ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৃহস্পতিবাৰে বৰপেটাৰ পালহাজীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় ৷ লগতে উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্ত ৷ দুখনকৈ হেলিকপ্তাৰ উৰুৱাই সংখ্যালঘু অধ্যুষিত পালহাজীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তই গুণীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ চলায় ৷

বিজেপিৰ দিনত সমন্বয় ঘূৰি আহিছে: সৰ্বানন্দ সোণোৱাল

বিজেপিৰ ৫ বছৰীয়া কাৰ্যকালত কোনো সংখ্যালঘু লোক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱা নাই বুলি মন্তব্য কৰে ৷ কংগ্ৰেছ চৰকাৰৰ নিকৃষ্ট বিভাজনমুখী ৰাজনীতিৰ বাবে বড়ো, ধৰ্মীয় সংখ্যালঘু আৰু আদিবাসীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত বহু লোক মৃত্যুমুখত পৰিছিল ৷ ধৰ্মীয় সংখ্যালঘু লোক বিজেপি চৰকাৰৰ দিনত অধিক সুৰক্ষিত হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ কৃষিৰ সাঁ-সজুলি যোজনাৰ জৰিয়তে পূৰ্বৰ ৫ হাজাৰ টকাৰ পৰিৱৰ্তে নতুন চৰকাৰে ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ৷ ১০ লাখ নিবনুৱাক সংস্থাপন, অৰুণোদয় আঁচনিৰ ধন ৩ হাজাৰ টকা দিয়া হ’ব মন্তব্য সৰ্বানন্দ সোণোৱালৰ ৷

লগতে পঢ়ক: কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ বিজেপি মিত্ৰজোঁটলৈ সৰ্মথন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.