শোকাৱহ পথ দুৰ্ঘটনা: থিতাতে নিহত ভায়েক, আহত ককায়েক

author img

By

Published : Oct 5, 2022, 7:06 PM IST

Road Accident in Jania

দুৰ্গা পূজাৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ একেলগে ওলাই গৈছিল দুই ভাতৃ (Road Accident in Jania) ৷ কিন্তু দুৰ্ভাগ্যবশতঃ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি ঘৰ উভতি অহাৰ পথতে সংঘটিত হয় এক অঘটন ৷ তীব্ৰবেগী বাইকে মহতিয়াই নিয়ে দুই ভাতৃক ৷ ফলত থিতাতে ভায়েকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ককায়েক ।

জনীয়া, 5 অক্টোবৰ: জনীয়াৰ চনপুৰাত শোকাৱহ পথ দুৰ্ঘটনা (Road Accident in Jania) । দুৰ্ঘটনাত পতিত একেটা পৰিয়ালৰে দুই কণমানি ভাতৃ ৷ থিতাতে ভায়েকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ককায়েক । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চনপুৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । এই ঘটনাৰ পিছতে অঞ্চলজুৰি বিৰাজ কৰিছে এক গভীৰ শোকৰ ছাঁ ।

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে নিশা জনীয়াৰ পুথিভঁৰালত অনুষ্ঠিত হৈছিল দুৰ্গা পূজাৰ এক সাংস্কৃতিক অনুষ্ঠান ৷ এই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ গৈছিল দুই ভাতৃ ক্ৰমে মনিৰুল ইছলাম(13) আৰু মফিজুল ইছলাম(11) ৷ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰলৈ বুলি উভতি আহি আছিল দুই ভাতৃ ৷ সেইখিনি লৈকে সকলো ঠিকেই আছিল ৷ এটা সময়ত গোটেই পথচোৱা সুকলমে পাৰ কৰি আহি ঘৰৰ সন্মুখৰ বাট পাইছিল দুই ভাতৃ ৷ কিন্তু দুৰ্ভাগ্যবশতঃ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলে সিহঁত ৷ ঘৰ পোৱাৰ পূৰ্বেই ঘটে এক অঘটন ৷

ঘৰৰ সন্মুখৰ দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত কাষত ৰৈ থকা দুই ভাতৃক জনীয়াৰ পৰা অহা এখন তীব্ৰবেগী বাইকে মহতিয়াই নিয়ে ৷ ঘটনাৰ পিছতেই হুৱা-দুৱা লাগে পৰিয়ালবৰ্গৰ মাজত ৷ পিছত ততাতৈয়াকৈ দুই ভাতৃক ভৰ্তি কৰায় বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ৷ কিন্তু চিকিৎসকে মফিজুল ইছলামক মৃত বুলি ঘোষণা কৰে ৷ আনহাতে প্ৰাথমিক চিকিৎসাৰ অন্তত মনিৰুল ইছলামৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে চিকিৎসকে ।

শোকাৱহ পথ দুৰ্ঘটনা: থিতাতে নিহত ভায়েক, আহত ককায়েক

ইফালে আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মফিজুল ইছলামৰ মৃতদেহ বাসগৃহত অনাৰ পিছতেই কান্দোনৰ ৰোল উঠে পৰিয়ালবৰ্গৰ মাজত ৷ আনফালে ঘটনা সংঘটিত কৰিয়ে বাইক এৰি পলায়ন কৰে বাইক আৰোহী ৷ সেয়েহে তদন্ত কৰি দোষীক সাব্যস্ত কৰি কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছে ভুক্তভোগী পিতৃয়ে ৷

উল্লেখ্য যে গাঁওবাসীৰ অভিযোগ জনীয়াৰ এই পথটোত প্ৰায়ে সংঘটিত হয় দুৰ্ঘটনা ৷ পথটোত থকা কেইবাটাও টাৰ্নিং পইন্টৰ ঠায়ে ঠায়ে থকা পথৰ দুৰৱস্থাৰ বাবেই সংঘটিত হয় এনে দুৰ্ঘটনা ৷ সেয়েহে শীঘ্ৰেই এই পথটো মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

লগতে পঢ়ক: ডিফুত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.