ETV Bharat / state

দলঙৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত জনীয়াত তীব্ৰ প্ৰতিবাদ

author img

By

Published : Sep 13, 2022, 7:55 PM IST

এখন দলঙৰ অভাৱত প্ৰতিদিনেই নাৱেৰে বিপদ সংকুল যাত্ৰা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ । নিৰ্মীয়মান দলং নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ বাবেই জনীয়াৰ এটা অঞ্চলৰ ৰাইজে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে(Dangerous boat journey in Jania) । শীঘ্ৰে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে মিলি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Protest demanded completion of bridge) ।

protest for bridge in jania
দলঙৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত জনীয়াত তীব্ৰ প্ৰতিবাদ

জনীয়া,১৩ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত জনীয়া-বাঘবৰ সংযোগী দাপনাসিং পাৰঘাটত আছে এখন নিৰ্মীয়মান পকী দলং আৰু তাৰ ওচৰতে আছে এখন ভঙা কাঠৰ দলং । কিন্তু দলং থকাৰ পিছতো প্ৰতিদিনেই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে নাৱেৰে বিপদ সংকুল যাতায়াত কৰি বিদ্যালয় নাইবা অন্যান্য শিক্ষানুস্থানলৈ যাব লগা হয়(Dangerous boat journey in Jania) । কেতিয়াবা সৰু-বৰ দুর্ঘটনাও সন্মুখীন হৈ আহিছে যাত্ৰীসকল ৷ কিন্ত তৎসত্বেও এনেদৰেই বিপদসংকুল যাতায়ত কৰিব লগা হয় ছাত্ৰ-ছাত্ৰীয়ে ।

দলঙৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত জনীয়াত তীব্ৰ প্ৰতিবাদ

উল্লেখ্য যে, লক ডাউনৰ পূৰ্বে ভেলেঙী নৈৰ ওপৰত দাপনাসিঙত পুৰণি কাঠৰ দলঙৰ ওচৰতে এখন পকী দলঙৰ কাম আৰম্ভ হৈছিল । কিন্তু ঠিকাদাৰে দলং নিৰ্মাণৰ কাম ইমানেই লেহেমীয়া কৰিছে যে দলং নিৰ্মাণৰ কাম কেতিয়া শেষ হব তাৰ ভৰসা নাই । ইফালে পুৰণি কাঠৰ দলংখনো যোৱাটো বানে উটুৱাই নিয়াত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে । যাৰ বাবে অতি সোনকালে দলঙৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Protest demanded completion of bridge) ।

স্থানীয় বিধায়ক তথা সাংসদে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি জনপ্ৰতিনিধিসকলক তীব্র সমালোচনা কৰে প্ৰতিবাদকাৰী ৰাইজে । অতি শীঘ্ৰে দলংখন সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ হাতত নললে পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ৰাইজে ।

লগতে পঢ়ক: অসম আৰক্ষীৰ হাতৰ পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.