ETV Bharat / state

বৰপেটাৰ ছাটাগাঁৱত ড্ৰাগছ ব্যৱসায়ী আটক

author img

By

Published : Jul 4, 2020, 9:54 AM IST

ধৃত যুৱকজনৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে ৰাইজে। একাংশ লোকে ধৃত যুৱকজনক উত্তম মধ্যম শোধায়। পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল উপস্থিত হোৱাত যুৱকজনক আৰক্ষীক গতাই দিয়ে ৰাইজে ।

বৰপেটাৰ ছাটাগাঁৱত ড্ৰাগছ ব্যৱসায়ী আটক
বৰপেটাৰ ছাটাগাঁৱত ড্ৰাগছ ব্যৱসায়ী আটক

বৰপেটা ৪ জুলাই : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত ছাটাগাঁওত শুকুৰবাৰে সন্ধিয়া পশ্চিম ছাটা গাঁওৰক্ষী বাহিনীয়ে স্থানীয় যুৱকৰ সহযোগত ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত থকাৰ সন্দেহত এজন যুৱকক আটক কৰি তাৰাবাৰী আৰক্ষীক গতাই দিয়ে। ধৃত যুৱকজন ৰৌমাৰী পাথাৰৰ আমিনুৰ হক(26) ।

বৰপেটাৰ ছাটাগাঁৱত ড্ৰাগছ ব্যৱসায়ী আটক

ধৃত যুৱকজনৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে ৰাইজে। একাংশ লোকে ধৃত যুৱকজনক উত্তম মধ্যম শোধায়। পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল উপস্থিত হোৱাত যুৱকজনক আৰক্ষীক গতাই দিয়ে ৰাইজে । তাৰাবাৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ,ৰৌমাৰী গাঁও,ছাটাগাঁৱত এটা দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি নিচাজাতীয় টেবলেটৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি স্থানীয় লোকে অভিযোগ উত্থাপিত কৰে। ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত দুষ্ট চক্ৰটোক উৎখাত কৰিবলৈ আৰক্ষী প্ৰশাসনলৈ স্থানীয় ৰাইজে দাবী জনায়।

লগতে চাওকঃ বিটিচিৰ অস্থিৰ পৰিৱেশৰ আঁৰত চৰকাৰৰ হাত আছে : প্ৰবীণ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.