ETV Bharat / state

বণিয়াকুছিত আটক খাৰুৱা তেলচোৰৰ গেং

author img

By

Published : Sep 6, 2021, 1:56 PM IST

arrested oil thieves gang
বনিয়াকুছিত আটক খাৰুৱা তেল চুৰিৰ গেং

খাৰুৱা তেল চুৰিৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান ৷ সৰ্থেবাৰীৰ বনিয়াকুছিৰ পৰা আটক খাৰুৱা তেলৰ চুৰি চক্ৰ ৷

বৰপেটা,6 ছেপ্টেম্বৰ: ৰাজ্যত সক্ৰিয় হৈ উঠিছে খাৰুৱা তেলৰ চুৰি চক্ৰ । এইবাৰ নামনিত তেল চোৰৰ অভিযানত নামিছে তেল চোৰ চক্ৰই । খাৰুৱা তেল চোৰে ন ন কৌশল অৱলম্বন কৰি আৰম্ভ কৰিছে খাৰুৱা তেলৰ চুৰি কাৰ্য ।

এইবাৰ তিনিচুকীয়াৰ খাৰুৱা তেলৰ মাফিয়াই সৰ্থেবাৰীত বাহৰ পাতি চলাইছে সাৰুৱা তেলৰ নতুন অভিযান । কিন্তু দিন বেয়া আছিল তেল চুৰি চক্ৰটোৰ ৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত দেওবাৰে সৰ্থেবাৰীত আটক হয় সাতজনীয়া তেল চোৰৰ গেং ।

বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত দেওবাৰে নিশা চলিছিল এক অভিযান ।

arrested oil thieves gang
সৰ্থেবাৰীৰ বনিয়াকুছিত খাৰুৱা তেল চুৰি চক্ৰ আটক

এই অভিযানতে আৰক্ষীৰ দলটোৱে সৰ্থেবাৰীৰ বনিয়াকুছিৰ পৰা আটক কৰে খাৰুৱা তেল চোৰৰ সাতজনীয়া গেঙটোক । প্ৰাপ্ত তথ্য অনুসৰি, অধিবক্তা অভয় বৰ্মনৰ ঘৰত ভাৰাতীয়া হৈ আছিল তেল চোৰৰ চক্ৰটো ৷ তেল চোৰৰ মাফিয়া বিমল দহোটীয়াৰ নেতৃত্বত সৰ্থেবাৰীত খাপ পিটিছিল খাৰুৱা তেল চোৰৰ গেঙটো ।

লগতে পঢ়ক: তিনি শতাধিক যুৱক ISIS ত প্ৰশিক্ষণ লৈ হৈছে সাজু অসমত সোমাবলৈ : হিন্দু যুৱ ছাত্ৰ পৰিষদ

গ্ৰেপ্তাৰ হোৱা তেল চুৰি চক্ৰৰ লগত জড়িত অভিযুক্ত কেইটা হ'ল- তিনিচুকীয়াৰ লোহাৰী কছাৰী, দেবজিত মৰাণ, প্ৰাঞ্জল গগৈ, অমিত দাস, ডিগবৈৰ ব্ৰজেন মৰাণ, চিৰাঙৰ ঢালিগাঁৱৰ মহৰুদ্দিন আলী, সৰ্থেবাৰীৰ ধীৰাজ ভূঞা । উল্লেখ্য যে, ধীৰাজ ভূঞা এক হত্যাকাণ্ডৰ অভিযোগত আটক হৈছিল ৷ জানিব পৰা মতে, এমাহ মানৰ পূৰ্বে এক হত্যাকাণ্ডত অভিযুক্ত হৈ জে'লৰ পৰা ওলাই আহিছিল ধীৰাজ ।

oil thieves gang arrested at sarthebari in barpeat
খাৰুৱা তেল চুৰিৰ বিৰুদ্ধে অভিযান

ইফালে বিমল দহোটীয়াৰ বিৰুদ্ধে পূৰ্বতেও আছিল তেল চুৰিৰ অভিযোগ ৷ কেৱল অভিযোগে নহয়, তেল চুৰি সংক্ৰান্তত জড়িত হৈ বৰপেটা জিলা কাৰাগাৰত কাৰাবাসো খাটিছিল ধীৰাজ ভূঞাই ।

লগতে পঢ়ক: কোন আমছু নেতা জড়িত গৰু-চুপাৰী ছিণ্ডিকেটৰ সৈতে ?

বৰপেটা আৰক্ষীয়ে দেওবাৰে চলোৱা এই অভিযানত আটকাধীন অভিযুক্ত কেইটাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় দুখন বাহন, গেছ চিলিণ্ডাৰ, কেইবাটাও মোবাইল ফোন, পাইপ আৰু চুৰি কাৰ্যত ব্যৱহৃত বহু সা-সঁজুলি । ইফালে জব্দ হোৱা বাহন দুখনৰ নম্বৰ হ'ল এক্স ইউ ভি DL 1 CP 2595 নম্বৰ আৰু AS 26 C 7403 নম্বৰৰ মেক্সিমা । সম্প্ৰতি সৰ্থেবাৰী আৰক্ষীয়ে ঘটনা সম্পৰ্কত আটক হোৱা তেল চুৰি চক্ৰটোক মাৰাথান জেৰা চলাই আছে ।

লগতে পঢ়ক: ছয়গাঁৱৰ জোৰশিমলুত ড্ৰাগছসহ এজন লোক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.