ETV Bharat / state

কলগাছিয়াত কৃষক মুক্তিৰ ক'লা দিন পালন

author img

By

Published : Jan 23, 2021, 4:28 PM IST

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ বিৰোধীতাৰে কলগাছিয়াত পালন কৰা হয় ক'লা দিন কাৰ্যসূচীৰ । চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ লগতে প্ৰতিবাদকাৰীয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনায় ।

কলগাছিয়াত কৃষক মুক্তিৰ ক'লা দিন পালন
কলগাছিয়াত কৃষক মুক্তিৰ ক'লা দিন পালন

বৰপেটা , ২৩ জানুৱাৰী : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ বিৰোধীতাৰে কলগাছিয়াত পালন কৰা হয় ক'লা দিন কাৰ্যসূচীৰ । কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে । ক'লা দিনৰ লগত সংগতি ৰাখি অঞ্চলজুৰি তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে সংগঠনটোৱে ।

চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ লগতে প্ৰতিবাদকাৰীয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনায় । লগতে কা' বাতিল, কৃষক আইন বাতিল আৰু এন আৰ চিৰ কাম সম্পূৰ্ণ কৰাৰো দাবী জনাই প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক :তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.