Growth India Festival: জনীয়াত গ্ৰ'থ ইণ্ডিয়া ফেষ্টিভেলৰ উদ্বোধন

author img

By

Published : Dec 5, 2022, 9:20 AM IST

inauguration of growth india festival in jania

বৰপেটা জিলাৰ জনীয়াত ৪ ডিচেম্বৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে গ্ৰুথ ইন্দিয়া চ'ছাইটিৰ উদ্যোগত গ্ৰন্থ আৰু গ্ৰ'থ ইণ্ডিয়া ফেষ্টিভেল । দেওবাৰে ব্যতিক্ৰমীভাৱে উদ্বোধন কৰা হয় উক্ত অনুষ্ঠানৰ(Growth India Festival) । শ্ৰমিক অৰ্জুন ৰবি দাস আৰু ঠেলা চালক ফজল হকে মুকলি কৰে উক্ত অনুষ্ঠানৰ মঞ্চদ্বাৰ ।

জনীয়া, ৫ ডিচেম্বৰ: বৰপেটা জিলাৰ হিন্দু-মুছলমানৰ সমন্বয় ক্ষেত্ৰ জনীয়াত স্বেচ্ছাসেৱী সংগঠন গ্ৰ'থ ইণ্ডিয়া চ'ছাইটি (Growth India Society)ৰ উদ্যোগত ৪ ডিচেম্বৰ পৰা ১১ ডিচেম্বৰলৈ ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গ্ৰন্থ আৰু গ্ৰ'থ ইণ্ডিয়া ফেষ্টিভেল (Growth India Festival) । তাৰে অংশস্বৰূপে ৪ ডিচেম্বৰত গ্ৰ'থ ইণ্ডিয়া চ'ছাইটিৰ উদ্যোগত গ্ৰন্থ আৰু গ্ৰ'থ ইণ্ডিয়া ফেষ্টিভেলৰ ব্যতিক্ৰমী মঞ্চদ্বাৰ মুকলি কৰা হয়(Inauguration of Growth india festival in Jania) ।

মঞ্চৰ দ্বাৰ মুকলি কৰে শ্ৰমিক অৰ্জুন ৰবি দাস আৰু ঠেলা চালক ফজল হকে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে বাংলীপাৰা হাই স্কুলৰ সহকাৰী শিক্ষক নুৰুল ইছলাম তালুকদাৰ । ফুলাম গামোচা, জাপিৰে শ্ৰমিক অৰ্জুন ৰবি দাস আৰু ঠেলা চালক ফজল হকক জনায় সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । এই ব্যতিক্ৰমী কাৰ্য্যসূচী হাতত লৈ গ্ৰ'থ ইণ্ডিয়া চ'ছাইটিৰ মুখ্য সম্পাদক মাজিদুল ইছলাম সন্তুষ্টি প্ৰকাশ কৰে ।

জনীয়াত গ্ৰু'থ ইন্দিয়া ফেষ্টিভেলৰ উদ্বোধন

লগতে সমূহ কাৰ্যকৰ্তা সকলৰ এনে ব্যতিক্ৰমী পদক্ষেপক ভূয়সী প্ৰশংসা কৰে । অনুষ্ঠানটোত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰন্থ আৰু বাণিজ্য বিপনীয়ে অংশগ্ৰহণ কৰাৰ লগতে প্ৰত্যেক দিনাই সংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ন হ'ব বুলি জানিবলৈ দিয়ে গ্ৰ'থ ইণ্ডিয়া চ'ছাইটিৰ মুখ্য সম্পাদক মাজিদুল ইছলামে । অনুষ্ঠানটোৰ জৰিয়তে বৃহত্তৰ জনীয়া অঞ্চলত অৰ্থনৈতিক, বৌদ্ধিক, সাহিত্যিক আৰু শৈক্ষিক বিকাশ কামনা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: Dilip Saikia reaction on Ajmal: আজমলে নামৰ আগত মৌলনা শব্দটো ব্যৱহাৰ কৰাৰ যোগ্যতা হেৰুৱাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.