Eviction in Barpeta : উচ্ছেদৰ জাননীত হাহাকাৰ সৰভোগৰ ৭০ টা পৰিয়ালৰ

author img

By

Published : Dec 2, 2022, 9:43 PM IST

Barpeta

বেঁকী নৈৰ খহনীয়াত সৰ্বস্ব হেৰুৱাই বৰপেটাৰোডৰ সমীপৱৰ্তী বাৰাপেটা কেটেল ফাৰ্মৰ ভূমিত বিগত ১৯ বছৰ ধৰি বসবাস কৰি থকা খুদনাবাৰী গাঁৱৰ প্ৰায় ৭০টা পৰিয়ালক নিজৰ ঘৰ ভাঙি নিবলৈ প্ৰশাসনে জননী প্ৰেৰণ কৰিছে (eviction notice to in Barapeta cattle firm Barpeta) ৷

বৰপেটাৰোড, 2 ডিচেম্বৰ : বেঁকী নৈৰ খহনীয়াত (erosion of Beki river in Barpeta) সৰ্বস্ব হেৰুৱাই বৰপেটাৰোডৰ সমীপৱৰ্তী বাৰাপেটা কেটেল ফাৰ্মৰ (বাৰাপেটা পশুধন পাম) ভূমিত বিগত ১৯ বছৰ ধৰি বসবাস কৰি থকা খুদনাবাৰী গাঁৱৰ প্ৰায় ৭০টা পৰিয়ালক নিজৰ ঘৰ ভাঙি নিবলৈ প্ৰশাসনে জননী প্ৰেৰণ কৰিছে (eviction notice to in Barapeta cattle firm Barpeta) ৷

উচ্ছেদৰ জাননীত হাহাকাৰ সৰভোগৰ ৭০ টা পৰিয়ালৰ

অন্যথা উচ্ছেদ চলোৱাৰ কথাও উল্লেখ কৰা হৈছে প্ৰশাসনে জাৰি কৰা উক্ত জাননীখনত । ইফালে উচ্ছেদৰ জাননী পোৱাৰ পিছতেই একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে বেঁকী নৈৰ কৰাল গ্ৰাসত পৰা প্ৰায় ৭০ টাকৈ পৰিয়াল । বিগত ২০০৪ চনৰ প্ৰলয়ংকৰী বানত সৰভোগৰ খুদনাবাৰী গাঁৱৰ এইসকল লোকৰ ঘৰ-মাটি-ভেটি বেঁকী নৈৰ কৰাল গ্ৰাসত পৰিছিল (flood erosion affected people of Barpeta) ।

ফলত তদানীন্তন সৰভোগৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ছামচুল হকে খহনীয়াৰ কবলত পৰা এইসকল গৃহহীন লোকক বাৰাপেটাৰ পশুধন পামৰ ভূমিত ঘৰ-বাৰী সাজি বসবাস কৰিবলৈ সুবিধা কৰি দিছিল ৷ আনহাতে, পৰৱৰ্তী সময়ত বিজেপিৰ ৰণজিৎ কুমাৰ দাস সৰভোগৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত ৰণজিৎ কুমাৰ দাসেও প্ৰশাসনৰ লগত আলোচনা কৰি এই লোকসকলক উক্ত পশুধন পামৰ ভূমিতে থাকিবলৈ সুবিধা দিছিল । কিন্তু হঠাৎ এই লোকসকলক উক্ত চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ জাননী প্ৰেৰণ কৰাৰ ফলত দিকবিদিক হেৰুৱাই পেলাইছে তাত বসবাস কৰি অহা লোকসকলে ৷

ফলত অতি দৰিদ্ৰ এইসকল পৰিয়ালৰ সপোনৰ ঘৰখনত প্ৰশাসনৰ হাতুৰী তথা বুলডজাৰ চলিলে তেওঁলোকৰ বহু ক্ষতি হ'ব বুলি ভাবি নিজে নিজেই ঘৰ-দুৱাৰ ভাঙি, নিজৰ কণ কণ শিশুসকলক লৈ টালি-টোপোলা বান্ধিছে । লগতে বেঁকী নৈৰ খহনীয়াত সৰ্বস্ব হেৰুওৱা এইসকল গৃহহীন দুখীয়া পৰিয়ালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) অনুৰোধ জনাইছে যাতে মুখ্যমন্ত্ৰীয়ে এই দুৰ্ভগীয়া লোকসকলক ঘৰ সাজি থকাৰ বাবে এডোখৰ ভূমিৰ ব্যৱস্থা কৰি দিয়ে ।

লগতে পঢ়ক :Asom Divas 2022 : আজিও অৱহেলিত চুকাফা মৈদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.