ETV Bharat / state

গৰাখহনীয়াত এসপ্তাহত উছন হ’ল ১৫ টাকৈ পৰিয়ালৰ ঘৰ

author img

By

Published : Jul 6, 2022, 1:21 PM IST

কলগাছিয়াৰ বলাইপাথাৰত বেকী নৈৰ গৰাখহনীয়াৰ ৰুদ্ৰ ৰূপ (Beki River Erosion at Balaipathar in Kalgachia) ৷ এসপ্তাহত উটি গ’ল ১৫ টাকৈ পৰিয়ালৰ বাহগৃহ । ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা খহনীয়াগ্ৰস্তৰ ।

Erosion in Kalgachia
Erosion in Kalgachia: গৰাখহনীয়াত এক সপ্তাহত উছন হ’ল ১৫ টাকৈ পৰিয়ালৰ গৃহ

কলগাছিয়া, 6 জুলাই: ৰাজ্যত বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ খহনীয়াত উটি গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, সা-সম্পত্তি তথা সৰ্ব্বস্ব ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাওঁত বেকী নৈৰ প্ৰবল গৰাখহনীয়া (Beki River Erosion at Balaipathar in Kalgachia)। চপৰা-চপৰে খহিছে নৈৰ গৰা ৷

এসপ্তাহত উছন হ’ল ১৫ টাকৈ পৰিয়ালৰ ভেটি মাটি, ঘৰ-দুৱাৰ সৰ্ব্বস্ব নদীৰ বুকুত সম্পূৰ্ণৰূপে বিলীন হৈ যায় । সমান্তৰাকৈ নৈৰ বুকুত জাহ গল PMAY গৃহ, বিঘাই বিঘাই খেতি পথাৰ । বানপানীৰ পিছতেই ৰুদ্ৰমূৰ্তি লৈছে বেকী নৈৰ গৰাখহনীয়াই ।

গৰাখহনীয়াত এক সপ্তাহত উছন হ’ল ১৫ টাকৈ পৰিয়ালৰ গৃহ

ভাবুকিৰ সন্মুখীন হৈছে কলগাছিয়া ৰাজহ চক্ৰৰ কেইবাখনো গাৱঁৰ লগতে দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয় । কাণসাৰ নাই জনপ্ৰতিনিধি তথা চৰকাৰৰ । প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত অৱশিষ্ট নিজৰ ঘৰ দুৱাৰ সমূহ ভাঙি লৈ নিৰাপদ স্থানত ঢাপলি মেলিছে ভূক্তভোগীয়ে ।

উল্লেখ্য যে, সমাগত ঈদ-উদ-জ্জোহাৰ প্ৰাগমূহুৰ্তত খহনীয়াৰ কৱলত পৰি সৰ্বহাৰা হৈছে শ শ ৰাইজ । শীঘ্ৰেই খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ভূক্তভোগী সকলক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক: জনীয়াৰ চাউলখোৱা নদীৰ ৰুদ্ৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.