ETV Bharat / state

চেঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা

author img

By

Published : Apr 4, 2021, 7:38 PM IST

চেঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা
চেঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা

বহৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, কংগ্ৰেছ চৰকাৰৰ দিনত গোষ্ঠীগত সংঘৰ্ষ হৈছিল ৷ এই সংঘৰ্ষত সংখ্যালঘু লোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ কোনো ঠাইত গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ৷

বৰপেটা,৪ এপ্ৰিল: চেঙা সমষ্টিৰ অগপ-বিজেপি-ইউপিপিলৰ মিত্ৰজোঁটৰ তথা অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰবিউল হুছেইনৰ সমৰ্থনত দেওবাৰে বৰপেটাৰ বহৰিত অনুষ্ঠিত হয় নিৰ্বাচনী সভা । বহৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, কংগ্ৰেছ চৰকাৰৰ দিনত গোষ্ঠীগত সংঘৰ্ষ হৈছিল ৷ এই সংঘৰ্ষত সংখ্যালঘু লোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ কোনো ঠাইত গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ৷ এই চৰকাৰে সকলো ধৰ্মৰ লোকক মৰ্যদা সহকাৰে সুৰক্ষা দিয়া বুলিও তেওঁ কয় ৷

অসমত বসবাস কৰা প্ৰতিগৰাকী ভূমিহীন নাগৰিকক মাটিৰ পট্টা প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ সভাখনত অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু অগপ প্ৰাৰ্থী ৰবিউল হুছেইনও ভাষণ প্ৰদান কৰে ৷

লগতে পঢ়কঃ হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.