মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে নাম-প্ৰসংগৰে মুখৰিত বৰপেটা সত্ৰ

author img

By

Published : Aug 27, 2021, 10:48 AM IST

madhavdev death anniversary observing at barpeta satra

সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি বৰপেটা সত্ৰত(Barpeta Satra) মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ(Madhavdev) 425 সংখ্যক তিৰোভাৱ তিথি পালন ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গায়ন-বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই হৰিনাম কীৰ্তনক আগস্থান দি অনুষ্ঠিত কৰে কীৰ্তন মহোৎসৱ(Kirtan Mahotsav) ৷

বৰপেটা, 27 আগষ্ট: ৰাজ্যৰ সত্ৰ, নামঘৰ, ৰাজহুৱা অনুষ্ঠানৰ লগতে সত্ৰনগৰী বৰপেটাতো শুকুৰবাৰে পালন কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ(Madhavdev) 425 সংখ্যক তিৰোভাৱ তিথি ৷ পৱিত্ৰ ভাদ মাহৰ প্ৰথমটো দিনৰ পৰা দহ দিনীয়া কাৰ্যসূচীৰে সত্ৰনগৰী বৰপেটাত পালন কৰা হৈছে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷

সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি চলি বৰপেটা সত্ৰত(Barpeta Satra) সীমিত সংখ্যক ভকতৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় নাম-প্ৰসংগ ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে বৰপেটা সত্ৰ ৷

বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

লগতে পঢ়ক: মহাপুৰুষ শ্ৰী শ্ৰী মাধাৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি

ইফালে সত্ৰীয়া ৰীতি-পৰম্পৰা অনুসৰি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে গায়ন-বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই হৰিনাম কীৰ্তনক আগস্থান দি কীৰ্তন মহোৎসৱ(Kirtan Mahotsav) অনুষ্ঠিত কৰে ৷

পহিলা ভাদৰ পৰাই এইদৰে তাল ভংগ নকৰাকৈ দহদিন ধৰি কীৰ্তনত ভাগ লোৱাৰ বাবে মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত ‘কীৰ্তন মহোৎসৱ’ বুলি কোৱা হয় ৷ যিহেতু দৰ্শনাৰ্থীৰ বাবে সত্ৰৰ দুৱাৰ মুকলি কৰি দিয়া নাই, সেয়েহে সীমিত সংখ্যক ভকত, বংশৰাসকলৰ লগতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু সত্ৰৰ একাংশ ভকতে কীৰ্তনঘৰত অনুষ্ঠিত প্ৰসংগত ভাগ লয় ৷

ইয়াৰ লগতে একাংশ ভক্তয়ো সত্ৰত সেৱা জনায় ৷

লগতে পঢ়ক: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.