ETV Bharat / state

বৰপেটাত ব্ৰাউন চুগাৰসহ আৰক্ষী জালত ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Oct 12, 2019, 1:52 PM IST

বৰপেটা জিলাৰ বহৰি-তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ৩৫ লাখ টকা মূল্যৰ ব্ৰাউন ছুগাৰ জব্দ ৷

আৰক্ষীৰ সৈতে ধৃত ড্ৰাগছ ব্যৱসায়ীটো

বৰপেটা, ১২ অক্টোবৰঃ নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলা । বৰপেটা জিলাৰ বহৰি-তাৰাবাৰী আৰক্ষীৰ জালত পৰিল ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী । ধৃত ড্ৰাগছ ব্যৱসায়ীটো তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছনেট্টাৰী গাঁৱৰ ৰফিকুল ইছলাম (১৯) । বহৰি-তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত শুক্ৰবাৰে নিশা অভিযান চলাই ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে ৷

brown sugar seized and one smuggler arrested in barpeta

গোপন খবৰৰ ভিত্তিত ৰফিকুল ইছলামৰ বাসগৃহত নিশা অভিযান চলাই 607 গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আন্তৰ্জাতিক বজাৰত আনুমানিক মূল্য ৩৫ লাখ হ'ব টকা হব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ধৃত ৰফিকুল ইছলামৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যোৱা ২ অক্টোবৰত ৪০ লাখ টকাৰ ব্ৰাউন চুগাৰসহ বহৰিৰ চাৰজুল ইছলাম আৰু ইমৰান দেৱান নামৰ দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল বৰপেটাৰোড আৰক্ষীয়ে ৷

লগতে পঢ়ক : ঘৰত অগ্নিসংযোগ কৰি হত্যাৰ চেষ্টা এটা পৰিয়ালক

Intro:
বৰপেটা, ১২ অক্টোবৰঃ নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলা । বৰপেটা জিলাৰ বহৰি-তাৰাবাৰী আৰক্ষীৰ জালত পৰিল নিষিদ্ধ ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী । ধৃত ড্ৰাগছ ব্যৱসায়ীটো তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছনেট্টাৰী গাঁৱৰ ৰফিকুল ইছলাম (১৯) । বহৰি-তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত শুক্ৰবাৰে নিশা অভিযান চলাই ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে ৷ Body:গোপন খবৰৰ ভিত্তিত ৰফিকুল ইছলামৰ বাসগৃহত নিশা অভিযান চলাই 607গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আন্তৰ্জাতিক বজাৰত আনুমানিক মূল্য ৩৫ লাখ হ'ব টকা হব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ধৃত ৰফিকুল ইছলামৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা ২ অক্টোবৰত ৪০ লাখ টকাৰ ব্ৰাউন চুগাৰসহ বহৰিৰ চাৰজুল ইছলাম আৰু ইমৰান দেৱান নামৰ দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল বৰপেটাৰোড আৰক্ষীয়ে ৷

Conclusion:বাইটঃ জ্যোতিষ দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তাৰাবাৰী আৰক্ষী থানা ।

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.