ETV Bharat / state

BJP schedule caste morcha : সামৰণি পৰিল বিজেপিৰ গাঁও সম্পৰ্ক অভিযান

author img

By

Published : Nov 26, 2022, 7:29 PM IST

ভাৰতীয় জনতা পাৰ্টি (BJP) অসম প্ৰদেশ অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত ((BJP schedule caste marcha))শদিয়াৰ পৰা আৰম্ভ হোৱা গাঁও সম্পৰ্ক অভিযানৰ শনিবাৰে বৰপেটাত সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত অংশ লয় SC মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি, প্ৰদেশ বিজেপিৰ সভাপতি, মন্ত্ৰী ৰণজিৎ দাস আৰু সাংসদ দিলীপ শইকীয়াই ৷

BJP Gaon Samparka Abhiyan end in Barpeta
BJP schedule caste marcha : বিজেপিৰ সামৰণি পৰিল বিজেপিৰ গাঁও সম্পৰ্ক অভিযান

বৰপেটা, ২৬ নৱেম্বৰ: আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ অনুসূচিত জাতি মৰ্চাৰ (BJP schedule caste marcha)উদ্যোগত শদিয়াৰ পৰা আৰম্ভ হোৱা গাঁও সম্পৰ্ক অভিযানৰ ৰথ যাত্ৰা শনিবাৰে বৰপেটাত সামৰণি পৰে ৷ অনুসূচিত জাতি মৰ্চাৰ নেতৃত্বত সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা গাঁও সম্পৰ্ক অভিযানৰ জৰিয়তে বিজেপিৰ অনুসূচিত জাতি মৰ্চাই দেশৰ ৭৫ হাজাৰখন গাঁৱত গাঁও সম্পৰ্ক অভিযান সম্পূৰ্ণ কৰে(BJP Gaon Samparka Abhiyan end in Barpeta ) ৷

সামৰণি পৰিল বিজেপিৰ গাঁও সম্পৰ্ক অভিযান

বৰপেটাত ৰথ যাত্ৰীসকল উপস্থিত হোৱাৰ পিচতে আজি অনুসূচিত জাতি মৰ্চাৰ ৰথযাত্ৰীসকলক বৰপেটা বিজেপিয়ে বিপুল আদৰণি জনোৱাৰ লগতে সত্ৰনগৰী বৰপেটাত ৰথ যাত্ৰাত অংশ লয় ৷ ৰথ যাত্ৰাৰ পিছতে বিজেপিৰ অনুসুচিত জাতি মৰ্চাৰ সৰ্বভাৰতীয় সভাপতি লাল সিং আৰ্য, ৰাজ্যিক সভানেত্ৰী মুন সৰকাৰৰ উপস্থিতিত অনুষ্ঠিত গাঁও সম্পৰ্ক অভিযানৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ভুৱনেশ্বৰ কলিতা, দিলীপ শইকীয়া আদিকে ধৰি বিজেপিৰ বহু নেতাই অংশগ্ৰহণ কৰে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদমাধ্যমৰ আগত কয়, "কংগ্ৰেছে ভাৰত জোড়ো কৰিছে নে ভাৰত তোড়ো কৰিছে? এফালে ভাৰত জোড়ো নাম দিছে ইফালে কংগ্ৰেছ তোড়ো হৈ আছে ৷ এতিয়া অসমত উন্নয়নৰ বন্যা বৈছে ৷ অহা লোকসভা নিৰ্বাচনতো আমি বৰপেটা সমষ্টি লাভ কৰিবলৈ সক্ষম হম ৷"

ইপিনে অনুষ্ঠানত অংশ লৈ সাংসদ দিলীপ শইকীয়াই কয়, "ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচন আহিলেও সক্ৰিয়, নাহিলেও সক্ৰিয় ৷ অৰ্থাৎ 365 দিনেই সক্ৰিয় ৰাজনৈতিক দল হিচাপে দেশমাতৃক সেৱা কৰাৰ কাৰণে সংকল্পবদ্ধভাৱে কাম কৰি আছো ৷ বৰপেটা অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৷ আমি সকলোৱে বৰপেটাৰ প্ৰতি দায়বদ্ধ ৷ বৰপেটাৰ উন্নয়নৰ কাৰণে আমি আগন্তুক দিনত ৰাজনৈতিক দিশেৰে কেনেদৰে কাম কৰিব পাৰো সেইক্ষেত্ৰত আলোচনা কৰি আছো ৷ আগন্তুক লোকসভা নিৰ্বাচনত 14 টা সমষ্টিয়ে বিজেপি মিত্ৰজোঁটে দখল কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ৷"

লগতে পঢ়ক: Maharastra CM in Guwahati : গুৱাহাটীত দলে-বলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.