ETV Bharat / state

বেঁকী নৈৰ গৰাখহনীয়াত গৃহহীন 7 টাকৈ পৰিয়াল

author img

By

Published : Jul 9, 2021, 7:12 AM IST

কলগাছিয়াৰ খাৰবাল্লীতো বেঁকী নৈ (Beki River)ৰ তীব্ৰ গৰাখহনীয়া ৷ বিধ্বংসী গৰাখহনীয়াত আশ্ৰয়হীন হৈছে অঞ্চলটোৰ 7 টাকৈ পৰিয়াল । কান্দোনত ভাগি পৰিছে ভুক্তভোগীসকলে ।

beki-river-erosion-in-kalgachia
বেকী নৈৰ গৰাখহনীয়াত গৃহহীন

জনীয়া, 9 জুলাই : ক’ভিড (Covid)ৰ আতংকৰ মাজতে ৰাজ্যত এতিয়া গৰাখহনীয়া (Erosion)ৰ আতংক ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ খাৰবাল্লীতো বেঁকী নৈ (Beki River)ৰ খহনীয়াই সৃষ্টি কৰিছে মহাপ্ৰলয় । বিধ্বংসী গৰাখহনীয়াত নিজৰ ঘৰ-মাটি হেৰুৱাই ক্ৰন্দনত ভাঙি পৰিছে উদ্বাস্তই । চকুৰ পলকতে গৃহহীন হ’ল অঞ্চলটোৰ 7 টাকৈ পৰিয়াল ।

বেকী নৈৰ গৰাখহনীয়াত গৃহহীন

বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি চকুৰ পলকতে জাহিদুল ইছলাম, ৰমজান আলী, ৰবিয়াল হুছেইন, হাফিজ জাইদ হুছেইন, বাতেন আলী, ৰুকিয়া বিধবা আৰু গিয়াচ উদ্দিনকে ধৰি 7 টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াত কান্দোনত ভাগি পৰিছে ভুক্তভোগীসকলে । খৰালিৰ সময়ত অবৈধভাৱে মাটি খনন কৰাৰ ফলত এইদৰে বলাইপাথাৰ আৰু খাৰবাল্লী গাঁৱত সৃষ্টি হৈছে তীব্ৰ গৰাখহনীয়া । ইয়াৰ ফলত নিৰুপায় হৈ নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভুক্তভোগী পৰিয়াল কেইটাই ।

উপায়হীন হৈ ভুক্তভোগী পৰিয়াল কেইটাক ক্ষতিপূৰণ দিবলৈ চৰকাৰ তথা জনপ্ৰতিনিধিক দাবী জনাইছে স্থানীয় ৰাইজে । ইয়াৰ পূৰ্বেও নিৰ্মাণ কৰা ৰিং বান্ধৰ কাষেৰেই নিশাৰ ভিতৰতে নতুনকৈ নদীৰ সুঁতি ওলাই অহাত বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি আৰু সুঁতিৰপথাৰ গাঁৱৰ ৰাইজ আতংকিত হৈ পৰিছিল ।

ইয়াৰ লগতে খাৰবাল্লী আৰু সুঁতিৰপাথাৰ গাঁৱৰ 15 টাকৈ পৰিয়ালৰ মাটি-ভেটি বেঁকী নৈ (Beki River)ৰ বুকুত জাহ গৈছিল ৷ যাৰ ফলস্বৰূপে আশ্ৰয়হীন হৈ পৰিছিল পৰিয়ালকেইটা ৷ আনহাতে, কিছুদিন পূৰ্বে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰী মতিনপুৰতো বেকী নৈৰ বিধ্বংসী গৰাখহনীয়াৰ কৱলত পৰি নৈৰ বুকুত বিলীন হৈছিল শ শ বিঘা কৃষিভূমি । খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত স্থানীয় প্ৰতিনিধি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক : এতিয়াৰ পৰা মহানগৰীত বিনামূলীয়াকৈ গাড়ী পাৰ্কিং কৰিব পাৰিব আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.