ETV Bharat / state

আমছু নেতাক সমালোচনা বৰপেটা যুৱ কংগ্ৰেছৰ

author img

By

Published : Jun 12, 2020, 9:26 PM IST

সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ দূৰ্নীতিত লিপ্ত হোৱা আৰু যুৱ কংগ্ৰেছ কৰ্মীসকলক বিধায়কজনৰ চামচা বুলি বৰপেটা জিলা আমছুৱে কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে যুৱ কংগ্ৰেছে ৷

আমছু নেতাক সমালোচনা বৰপেটা যুৱ কংগ্ৰেছৰ
আমছু নেতাক সমালোচনা বৰপেটা যুৱ কংগ্ৰেছৰ

বৰপেটা, 12 জুন : সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ দূৰ্নীতিত লিপ্ত হোৱা আৰু যুৱ কংগ্ৰেছ কৰ্মীসকলক বিধায়কজনৰ চামচা বুলি বৰপেটা জিলা আমছুৱে কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে যুৱ কংগ্ৰেছে ৷ আজি বৰপেটাৰ ৰাজীৱ ভৱনত বৰপেটা জিলা যুৱ কংগ্ৰেছ নেতৃত্বই এখন সংবাদমেল অনুষ্ঠিত কৰি আমছুৰ একাংশ নেতাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে ৷

বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল

বৃহস্পতিবাৰে বৰপেটা আমছুৰ একাংশ নেতাই কলগাছিয়াত সংবাদমেল অনুষ্ঠিত কৰি সৰুক্ষেত্ৰীৰ বিধায়কজন দূৰ্নীতিগ্ৰস্ত বুলি সমালোচনা কৰিছিল ৷ আমছুৱে কৰা এনে মন্তব্যৰ পিচতে আজি বৰপেটা যুৱ কংগ্ৰেছেও সংবাদমেল অনুষ্ঠিত কৰি সৰুক্ষেত্ৰীৰ বিধায়কজনৰ দূৰ্নীতিৰ প্ৰমান বিচাৰে ৷ দূৰ্নীতিৰ প্ৰমান হ'লে আনকি বিধায়কগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলিও জিলা যুৱ কংগ্ৰেছে সংবাদমেলত প্ৰকাশ কৰে ৷ কিন্তু প্ৰমান অবিহনে এজন বিধায়কৰ বিৰুদ্ধে হকে বিহকে অযথা মন্তব্য নকৰিবলৈ বৰপেটা জিলা যুৱ কংগ্ৰেছ নেতৃত্বই বৰপেটা আমছুক সকিয়াই দিয়ে ৷

আজাদ হুছেইনৰ মন্তব্য

আনহাতে বৰপেটাৰ আমছু নেতাই যুৱ কংগ্ৰেছ কৰ্মীসকলক চামচা বুলি কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি আমছুৰ দৰে এটা ছাত্ৰ সংগঠনৰ নেতাৰ মুখত এনে অসৌজন্যমূলক মন্তব্য প্ৰকাশ পোৱাতো দূৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে ৷

আনোৱাৰ ইছলাম খানৰ মন্তব্য়

উল্লেখ্য যে, বৃহস্পতিবাৰে আমচুৰ সংবাদমেলৰ পিচতে আজি বৰপেটা জিলা যুৱ কংগ্ৰেছে বৰপেটাৰ ৰাজীৱ ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি বৰপেটা জিলা আমছুৰ একাংশ নেতাৰ বিৰুদ্ধে মুখৰ হৈ পৰে ৷ আনকি বৰপেটা জিলা আমছুৰ এই নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা লবলৈকো আমছুৰ কেন্দ্ৰীয় নেতৃত্বক সংবাদমেলযোগে আহ্বান জনায় যুৱ কংগ্ৰেছ নেতাসকলে ৷

লগতে পঢ়কঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.