ETV Bharat / state

পাটবাউসী সত্ৰৰ ভকত সকলৰ মাজত আয়ুৰ্বেদিক ঔষধ বিতৰণ

author img

By

Published : Nov 20, 2020, 2:29 PM IST

কৰ'ণাকালীন পৰিস্থিতি আৰু শীতকালীন সময়ছোৱাত সত্ৰৰ ভকতসকলৰ সুস্বাস্থ্য অক্ষুন্ন ৰখাৰ প্ৰচেষ্টাৰে শুকুৰবাৰে জাতীয় মহাসভাই বৰপেটা সত্ৰৰ ভকত সকলৰ মাজত আয়ুৰ্বেদিক ঔষধ বিতৰণ কৰে ৷ ইপিনে বৰপেটা মেডিকেল কলেজ হাস্পতাল কতৃপক্ষই বৰপেটা সত্ৰৰ ভকতসকলৰ বাবে আনিছে বিশেষ চিকিৎসাৰ ব্যৱস্থা ৷

ayurbedi-medicine-distributed-among-devoties-of-patbaukhi-satra
পাটবাউসী সত্ৰৰ ভকত সকলৰ মাজত আয়ুৰ্বেদিক ঔষধ বিতৰণ

বৰপেটা, 20 নৱেম্বৰ: ২০২১ বৰ্ষত সম্পূৰ্ণ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পাটবাউসী সত্ৰত পদাৰ্পনৰ ৪৭৫ টা বৰ্ষ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা উজনিৰ পৰা ভটিয়াই নামনিৰ পাটবাউসীত পদাৰ্পন কৰাৰ পিচৰে পৰাই গুৰুজনাই পাটবাউসীত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ, নাট, গীত, পদ, শাস্ত্ৰ প্ৰণয়ণ আৰু সত্ৰীয়া সংস্কৃতিৰ একানপতীয়া সাধনাত ৰত হৈছিল ৷ গুৰুজনাৰ পাটবাউসী আগমন আছিল অসমীয়া জাতিৰ বাবে বিশেষভাৱে ঐতিহ্যপূৰ্ণ এক ক্ষণ ৷ জগতগুৰুজনাৰ এই ঐতিহাসিক যাত্ৰাক এক নৱ ৰূপ দিয়াৰ মানসেৰে অসম জাতীয় মহাসভাই গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে আৰম্ভ কৰিছে বছৰজোৰা কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে কৰ'ণাকালীন পৰিস্থিতি আৰু শীতকালীন সময়ছোৱাত সত্ৰৰ ভকতসকলৰ সুস্বাস্থ্য অক্ষুন্ন ৰখাৰ প্ৰচেষ্টাৰে শুকুৰবাৰে জাতীয় মহাসভাই বৰপেটা সত্ৰৰ ভকত সকলৰ মাজত আয়ুৰ্বেদিক ঔষধ বিতৰণ কৰে ৷

পাটবাউসী সত্ৰৰ ভকত সকলৰ মাজত আয়ুৰ্বেদিক ঔষধ বিতৰণ

শুকুৰবাৰে পুৱাই বৰপেটা সত্ৰত উপস্থিত হৈ প্ৰসংগৰ পিচতে ভকতসকলৰ মাজত জাতীয় মহাসভাই বিতৰণ কৰে আয়ুৰ্বেদিক ঔষধৰ টোপোলা ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰা, বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, বটদ্ৰবা সত্ৰ আৰু পাটবাউসী শংকৰদেৱ থানৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী আৰু জাতীয় মহাসভাৰ সচিব প্ৰধান হৰেকৃষ্ণ তালুকদাৰকে ধৰি কেবাগৰাকীও বিশিষ্ঠ ব্যক্তি ৷ এই অনুষ্ঠানতে বৈষ্ণৱধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে 50 বছৰ পূৰ্বতে বৰপেটাৰ পৰা প্ৰকাশ পোৱা এখন পুস্তিকাৰ শুকুৰবাৰে তৃতীয় প্ৰকাশ উন্মোচন কৰে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷ ইপিনে বৰপেটা মেডিকেল কলেজ হাস্পতাল কতৃপক্ষই বৰপেটা সত্ৰৰ ভকতসকলৰ বাবে আনিছে বিশেষ চিকিৎসাৰ ব্যৱস্থা ৷

অসম জাতীয় মহাসভাৰ অনুৰোধ মৰ্মে বৰপেটা সত্ৰৰ সত্ৰীয়া ব্যৱস্থাৰ মূল আধাৰ ভকতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত বৰপেটা মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য মিত্ৰ নিয়োগৰ জৰিয়তে চিকিৎসাৰ ক্ষেত্ৰত সকলো সুবিধা প্ৰদানৰ লগতে সুকীয়া কক্ষৰ বিশেষ ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷ এই ব্যৱস্থাৰ জৰিয়তে সত্ৰৰ ভকতসকল বিশেষভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে ৷ অনুষ্ঠানত অংশগ্ৰহন কৰি বটদ্ৰবা আৰু পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে সত্ৰৰ ভূমি বেদখল মুক্ত কৰা আৰু সকলো সত্ৰসমুহ সংৰক্ষণৰ বাবে সকলো সত্ৰকে আৰ্থিক অনুদান আগবঢ়াবলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কৱলত নাৰায়ণপুৰৰ এটা বৃহৎ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.