ETV Bharat / state

এতিয়া সংকটৰ গৰাহত ভ্ৰাম্যমাণ থিয়েটাৰ...

author img

By

Published : May 21, 2021, 9:02 PM IST

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো মহামাৰী কৰ’ণাই জটিল ৰূপ ধাৰণ কৰিছে ৷ এনে পৰিস্থিতিত ৰাজ্যৰ অন্যতম উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ সংকটত পৰিছে ৷ হঠাতে কৰ'ণা মহামাৰীয়ে স্তব্ধ কৰিলে ভ্ৰাম্যমাণৰ সকলো কাম-কাজ । ফলত উদ্যোগটোৰ লগত জড়িত বহু শিল্পী, কলা-কুশলীয়ে এতিয়া সাহায্যৰ বাবে হাত পাতিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।

assams-mobile-theatres-facing-uncertain-future-due-to-covid-19-pandemic
ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া সংকটৰ গৰাহত

পাঠশালা,21 মে’: ১৯৬৩ চনত অচ্যুত লহকৰৰ নেতৃত্বতে পাঠশালাত জন্ম হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ । তাৰ পিছৰে পৰাই লাহে লাহে এটাৰ পিছত আনটো নাট্যদলৰ জন্ম হয় ৷ পৰৱৰ্তী সময়ত এই ভ্ৰাম্যমাণ থিয়েটাৰ পৰ্যবসিত হৈছিল এটা উদ্যোগৰূপে । কিন্তু অসমৰ সবাতোকৈ জনপ্ৰিয় গণমাধ্যম ভ্ৰাম্যমাণ থিয়েটাৰ আজি সংকটৰ গৰাহত ।

সেয়া আছিল ১৯৬৩ চন । পাঠশালাৰ মাজমজিয়াত প্ৰয়াত অচ্যুত লহকৰে ভিন্ন ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি জন্ম দিছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰ । ইয়াৰ পিছতেই পাঠশালাত কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰ আৰু প্ৰয়াত ৰতন লহকৰৰ কহিনুৰ থিয়েটাৰে ভ্ৰাম্যমাণক দিছিল নতুন যাত্ৰা ।

ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া সংকটৰ গৰাহত

ইয়াৰ পিছত অসমৰ ভিন্ন প্ৰান্তত জন্ম হৈছিল ন ন সৰু-বৰ কেইবাটাও নাট্য দলৰ আৰু বিগত ৫৭ টা বছৰজুৰি অসমৰ চুকে-কোণে বিপুল জনপ্ৰিয়তাৰে দপদপাই থাকিল ভ্ৰাম্যমাণ থিয়েটাৰৰ এই উদ্যোগটোৱে । ভ্ৰাম্যমাণৰ এই মঞ্চৰ পৰাই বহু অভিনেতাই স্বীকৃতি পালে তাৰকাৰ ৷ তাৰোপৰি হেজাৰ হেজাৰ পৰিয়ালৰ জীৱিকাৰ উৎস হৈ পৰিল এই উদ্যোগটো ৷

কিন্তু হঠাতে কৰ'ণা মহামাৰীয়ে স্তব্ধ কৰি দিলে ভ্ৰাম্যমাণৰ সকলো কাম-কাজ । ফলত উদ্যোগটোৰ লগত জড়িত বহু শিল্পী, কলা কুশলীয়ে এতিয়া সাহায্যৰ বাবে আনৰ সহায়ৰ ওচৰত হাত পাতিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । দৰাচলতে এইখিনি সময়ত নাট্যনগৰীৰ আখৰা গৃহসমূহত আখৰাক লৈ শিল্পী কলা-কুশলীসকলৰ ব্যস্ততাই ৰজনজনাই থাকে সমগ্ৰ পাঠশালাৰ পৰিৱেশ ।

কিন্তু বিগত বছৰৰ পৰা এইবেলি পাঠশালাত দেখিবলৈ পোৱা গ’ল এক নিমাওমাও পৰিৱেশ । এনে পৰিপেক্ষিতত অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ । কি হ'ব অসম গৌৰৱ ভ্ৰাম্যমাণৰ ! যাৰ লগত জড়িত হৈ আছে বহু আহ্বায়ক সমিতি, শিল্পী, কলা-কুশলীৰ লগতে প্ৰযোজকৰ প্ৰতিষ্ঠাৰ বিষয় । স্বাভাৱিকতে ইয়াকে লৈ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে এনে দুৰ্যোগৰ সময়ত দুখ ব্যক্ত কৰাৰ লগতে উদ্যোগটোক জীয়াই ৰখাৰ বাবে বিচাৰিছে চৰকাৰৰ সঁহাৰি ।

এই কৰ'ণা মহামাৰী যদিহে আৰু কেবামাহলৈ নিয়ন্ত্ৰিত নহয়, তেতিয়া কি হ’ব ভ্ৰাম্যমাণৰ ভৱিষ্যত ! অসমৰ শ শ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জড়িত হৈ থকা এই উদ্যোগটো জীয়াই ৰাখিবলৈ চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক: ২০২২ চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.