SSBৰ উদ্যোগত বাক্সাত ৬ দিনীয়া কাৰ্যসূচীৰে বিশেষ প্ৰশিক্ষণ শিবিৰ

author img

By

Published : Aug 27, 2021, 12:17 PM IST

SSB training

ভাৰতীয় সেনা বা অৰ্ধ সামৰিক বাহিনীত যোগদানৰ বাবে কি কি অৰ্হতাৰ প্ৰয়োজন বা নিজকে কেনেদৰে সাজু কৰিব লাগিব ? এই সকলো বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ এছএছবিয়ে আৰম্ভ কৰিছে প্ৰশিক্ষণ শিবিৰৰ । বাক্সাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে এই শিবিৰ ।

বাক্সা, ২৭ আগষ্ট : সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ (SSB) এক আদৰণীয় পদক্ষেপ । এছএছবিয়ে বাক্সা জিলাৰ জ্ঞানপীঠ মহাবিদ্যালয়ত আৰম্ভ কৰিছে বিশেষ প্ৰশিক্ষণ শিবিৰৰ । যোৱা ২০২০ চনৰ ২৭ ডিচেম্বৰত এনডিএফবি (NDFB), এবছু ,অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা শান্তি চুক্তি অনুসৰি বড়ো যুৱক-যুৱতীসকলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক সেনা বাহিনী অথবা অৰ্ধ সামৰিক বাহিনীত নিযুক্তি সম্পৰ্কীয় বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।

সেই শান্তি চুক্তিৰ আধাৰতে বৰমাৰ ৬৪ নং এছএছবিৰ উদ্যোগত আৰম্ভ কৰা হৈছে প্ৰশিক্ষণ শিবিৰৰ । ৬ দিনীয়া প্ৰশিক্ষণ শিবিৰটো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বি টি চিৰ অধ্যক্ষ কাতি ৰাম বড়োই ৷ প্ৰায় ২ শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাতিৰাম বড়োই নিজৰ ভাষণত সেনাত যোগদান সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

অনুষ্ঠানটোত জ্ঞানপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ গুনজিৎ দাস, বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, এছ এছ বিৰ সহকাৰী কামাণ্ডেণ্ট সণ্ডীপ পুনিয়া, প্ৰেম কুমাৰসহ স্থানীয় কেইবাজনো বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ।

ইফালে ৬৪ নং এছএছবিৰ কামাণ্ডেণ্ট এন কে তামটাই জনোৱা মতে সেনা বাহিনীত যোগদানৰ বাবে প্ৰয়োজনীয় সকলো বিষয়ত পাৰ্গত কৰি তোলাৰ বাবে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । আৰক্ষী অধীক্ষক ৰাজেন সিঙে সকলো যুৱক-যুৱতীকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকে ভৱিষ্যতে সেনা বাহিনীত যোগদান কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে । লগতে সকলো যুৱক-যুৱতীকে ড্ৰাগছ (Drugs) আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে থিয় দিবলৈও আহ্বান জনাই আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:আজিৰ পৰা পুনৰ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.