ভবানীপুৰ বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ

author img

By

Published : Sep 12, 2021, 10:01 PM IST

ভবানীপুৰ বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ

ৰাজ্যত আৰু কিছুৰ দিনৰ পাছতে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ তাৰমাজতে উপ-নিৰ্বাচনৰ পূৰ্বে তলা-ছাবি এৰি ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে গেৰুৱাবসন পৰিধান কৰিছিল ৷ গেৰুৱা বসন পৰিধান কৰিয়েই ফণীধৰ তালুকদাৰে ভবানীপুৰত ৰণডংকা বজাবলৈ আৰম্ভ কৰিছে ৷

বাক্সা,12 ছেপ্তেম্বৰ : দেওবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গাতিৰ শান্তি বজাৰত ন-বিজেপি ফণীধৰ তালুকদাৰক বিজেপিয়ে আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায় । বজালী জিলাৰ তালতলৰ পৰা বাক্সাৰ শালবাৰীৰ গাতিৰ শান্তি বজাৰলৈ এক বিশাল বাইক ৰেলী বাহিৰ কৰে বিজেপিয়ে ৷ ইপিনে ফণীধৰ তালুকদাৰক বিজেপিলৈ উষ্ম আদৰণি জনাই সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাই কয়, ফণীধৰ তালুকদাৰ ডাঙৰীয়াই এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে ভবানীপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । বিধায়ক হিচাপে নিৰ্বাচিত হৈ জনসাধাৰণৰ সৈতে তেখেতে বিধায়ক হিচাপে আত্মিক পৰিৱেশ গঢ়ি তুলিব পৰা নাছিল ।

ভবানীপুৰ বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ

লগতে পঢ়ক : পুখুৰীত ওলাইছে বস্তাই বস্তাই ATM-আধাৰ কাৰ্ড

কাৰণ ভবানীপুৰ বিধানসভা সমষ্টি এটা স্বাভিমান থকা সমষ্টি । অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি । গতিকে এই সমষ্টিৰ পৰা এইবাৰ বিজেপিৰ পৰা ফণীধৰ তালুকদাৰে নিশ্চিতভাৱে জয় লাভ কৰিব ৷ একেদৰে সভাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমত কয়, অসমবাসীয়ে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভবানীপুৰ বিধানসভা সমষ্টিটো এআইইউডিএফৰ দখলত থকাটো গ্ৰহণ কৰিব পৰা নাছিল । আজিৰ দিনটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভবানীপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ পতাকা উৰিব ।

ইয়াকে লৈ এইবাৰ অসমবাসী উৎফুল্লিত হৈছে । ভবানীপুৰ বিধানসভা সমষ্টিৰ সদ্য প্ৰাক্তন বিধায়ক ফণীধৰ তালুকদাৰে অংশগ্ৰহণ কৰা সভাত মিত্ৰজোঁটৰ পৰা কেইবাগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ অস্ত্ৰধাৰী সংগঠন শেষ নোহোৱালৈকে অসমত থাকিব AFSPA : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.