বাক্সাৰ জালাহত পথৰ মাজত পুখুৰী, খবৰ ল’বলৈ বিধায়কৰ নাই আহৰি

author img

By

Published : Sep 24, 2022, 8:10 PM IST

বাক্সাৰ জালাহত পথৰ মাজত পুখুৰী, খবৰ ল’বলৈ বিধায়কৰ নাই আহৰি

বাক্সাৰ চাপাগুৰি সমষ্ঠিৰ পথত পুখুৰীসদৃশ গাঁত ৷ এই গাঁতৰ পৰা পৰিত্ৰাণ বিচাৰি শনিবাৰে ওলাই আহিল ভুক্তভোগী ৰাইজৰ ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী ইউজি ব্ৰহ্মৰ সন্ধানতো প্লে’ কাৰ্ড প্ৰস্তুত কৰিলে প্ৰতিবাদকাৰীে(Public protest at Chapaguri in Baksa) ৷

বাক্সা, ২৪ চেপ্টেম্বৰ: চাপাগুৰি সমষ্টিৰ বিধায়ক ক’ত হেৰাল ? এয়াই নেকি পৰিৱৰ্তনৰ চৰকাৰ ? এনে বহু প্ৰশ্ন উত্থাপনেৰে শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে বাক্সাৰ একাংশ লোকে ৷ যাতায়তৰ মূল পথত সৃষ্টি হোৱা পুখুৰীসদৃশ প্ৰকাণ্ড গাঁতৰ পৰা পৰিত্ৰাণৰ বাবে সাব্যস্ত কৰা হ’ল এই প্ৰতিবাদ (Public protest at Chapaguri in Baksa)৷

ৰাজপথলৈ ওলাই আহিল দুৰ্বিষহ যাতায়ত ব্যৱস্থাত অতিষ্ঠ হোৱা বাক্সাৰ ব্যৱসায়ীসকলৰ লগতে আন স্থানীয় লোকসকল (Poor road condition at Chapaguri)৷ জালাহৰ পৰা অঞ্চলী সংযোগী মূল পথটোৱে দীৰ্ঘদিনে জ্বলা-কলা খুৱাই আহিছে অঞ্চলবাসীক ৷ পথছোৱাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে পথচাৰী ৷ কিন্তু বিষয়টোত অলপো গুৰুত্ব আৰোপ কৰা নাই স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ইউজি ব্ৰহ্মই (Minister UG Brahma)৷ ফলত শনিবাৰে ক্ষোভৰ উদ্গীৰণ ঘটিল অঞ্চলবাসীৰ ৷ সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

বাক্সাৰ জালাহত পথৰ মাজত পুখুৰী, খবৰ ল’বলৈ বিধায়কৰ নাই আহৰি

পথটো মেৰামতি অথবা নিৰ্মাণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে জালাহৰ স্থায়ী ব্যৱসায়ী সন্থাৰ লগতে আন ভুক্তভোগী ৰাইজে ৷ প্ৰতিবাদকাৰীসকলে আওৰালে- ‘‘বিজেপি মুৰ্দাবাদ, ইউপিপিএল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, প্ৰমোদ বড়ো মুৰ্দাবাদ, ইউজি ব্ৰহ্ম মুৰ্দাবাদ’’ আদি ধ্বনি ৷

উল্লেখ্য যে, যাতায়তৰ বাবে অনুপযোগী হৈ পৰা পথছোৱাৰ বাবেই বিগত বহু সময়ত সংঘটিত হৈ আহিছে সৰু-বৰ দুৰ্ঘটনা । চাপাগুৰি বিধানসভা সমষ্টিৰ(Chapaguri Assembly constituency) স্থানীয় বিধায়ক তথা মন্ত্ৰী ইউজি ব্ৰহ্মক কঠোৰ সমালোচনা কৰে প্ৰতিবাদী ৰাইজে । শীঘ্ৰেই পথছোৱা নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে ভুক্তভোগীসকলে ।

লগতে পঢ়ক: তেলপানীত বিধায়ক গোৱালাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.