বাক্সা জিলাৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

author img

By

Published : Nov 23, 2021, 10:39 PM IST

Minister Ranjit Kumar Das inspects government functions

বাক্সা জিলাৰ বৰমা, মুছলপুৰ আদি বিভিন্ন অঞ্চলৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Food, Civil Supplies & Consumer Affairs minister Ranjit Kumar Das) ৷ পৰিদৰ্শন কালতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, জলজীৱন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰা প্ৰত্যেক গৰাকী ব্যক্তিয়ে জেলৰ ভাত খাব লাগিব

বাক্সা, ২৩ নবেম্বৰ : বাক্সা জিলাৰ বৰমা, মুছলপুৰ আদি বিভিন্ন অঞ্চলৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Food, Civil Supplies & Consumer Affairs minister Ranjit Kumar Das) ৷ মঙলবাৰে পুৱা ভাগতে মন্ত্ৰীগৰাকী উপস্থিত হয় বৰমাৰ প্ৰাথমিক চিকিৎসালয়ত ৷ চিকিৎসালয়খনৰ আন্তঃগাঁঠনি, চিকিৎসক-নাৰ্চৰ অভাৱ অভিযোগৰ বিষয়ে বুজ লোৱাৰ পাছত বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

বিদ্যালয়খনৰ শ্ৰেণী কোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাছতে টিহু-বৰমা খণ্ড উন্নয়ন খণ্ডৰ দুগৰাকী মহিলাক ই-ৰিক্সা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি উন্নয়ন খণ্ডটোৰ বিভিন্ন দিশ সম্পৰ্কে বুজ লয় ৷

বাক্সা জিলাৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

তদুপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী(Minister of Public Health Engineering Department) ৰঞ্জীত দাসে জিলাখনত ৰূপায়ন হোৱা কেইখনো জলজীৱন আঁচনি(Jal Jeevan Mission) পৰিদৰ্শন কৰে ৷

সাংবাদিকৰ আগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, বিদ্যালয় সমূহত চৰকাৰে যোগান ধৰা মটৰ সমূহ চুৰি হোৱা কাৰ্য অতি দুৰ্ভাগ্যজনক ৷ ইফালে জলজীৱন আঁচনি(Jal Jeevan Mission) ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰা প্ৰত্যেক গৰাকী ব্যক্তিয়ে জেলৰ ভাত খাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে ৷

সমান্তৰালভাৱে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনত চলি থকা এম জি এনৰেগাৰ কাম সমূহতো যদি দুৰ্নীতি হয় তেতিয়া বিডিঅ' অভিযন্তাসকলো সাৰি নাযাব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী দাসে । নতুন শিক্ষানীতিৰ সন্দৰ্ভত ৰাইজৰ সজাগতা অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ভৱিষ্যতে এই শিক্ষানীতিয়ে শিক্ষা ব্যৱস্থাক আগবঢ়াই নিব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: CM's Review meeting with Assam Police :ছমাহত ৰুজু হোৱা গোচৰৰ অগ্ৰগতিৰ বুজ ল'লে হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.