ETV Bharat / state

নিৰ্বাচনী হিংসা : নিকাছিত থকা বিপিএফৰ কাৰ্যালয়ত অগ্নি সংযোগ

author img

By

Published : Mar 14, 2020, 9:18 PM IST

শনিবাৰে সন্ধিয়া বাক্সাত বিপিএফৰ দলীয় কৰ্মীৰ মাজত সৃষ্টি হয় প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত ৷ ২৩ নং ডিহিৰা (মুকলি) পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হিচাপে ৰাজেশ বৰালৰ নাম ঘোষণা কৰাৰ লগে লগেই প্ৰতিবাদ মুখৰ হৈ পৰিছে ডিহিৰা সমষ্টিৰ বিপিএফৰ একাংশ কৰ্মী ৷

Internal conflict among BPF member at Baksa
বাক্সাত বি পি এফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

বাক্সা,14 মাৰ্চ: বিটিচিৰ পৰিষদীয় নিৰ্বাচন চমু চপাৰ লগে লগে বিটিএডিত বৃদ্ধি পাইছে বিভিন্ন দল সংগঠনৰ ৰাজনৈতিক তৎপৰতা ৷ সমান্তৰালকৈ বৃদ্ধি পাইছে ৰাজনৈতিক সংঘাত ৷ শনিবাৰে সন্ধিয়া বাক্সাত বিপিএফৰ দলীয় কৰ্মীৰ মাজত সৃষ্টি হয় প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত ৷ ২৩ নং ডিহিৰা (মুকলি) পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হিচাপে ৰাজেশ বৰালৰ নাম ঘোষণা কৰাৰ লগে লগেই প্ৰতিবাদ মুখৰ হৈ পৰিছে ডিহিৰা সমষ্টিৰ বিপিএফৰ একাংশ কৰ্মী ৷

বাক্সাত বি পি এফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

উল্লেখ্য যে প্ৰাক্তন এমচিএলএৰ নেতা মুনসিং ব্ৰহ্মক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত একাংশ দলীয় কৰ্মীয়ে সৃষ্টি কৰে প্ৰতিবাদ মুখৰ পৰিৱেশ ৷ ২৪ ঘন্টাৰ ভিতৰত ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থী ৰাজেশ বৰালৰ নাম প্ৰত্যাহাৰ নকলিলে ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷

বাক্সাত বি পি এফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

লগতে নিকাছিত থকা বিপিএফৰ কাৰ্যালয়ৰ সন্মুখত অগ্নি সংযোগ কৰে মুনসিং ব্ৰহ্মৰ একাংশ সমৰ্থকে ৷ আটাইতকৈ লক্ষণীয়ভাৱে কাৰ্যালয়টোত উৰি থকা বিপিএফ দলৰ পতাকা খুলি অগ্নিলৈ নিক্ষেপ কৰাৰ লগতে কাৰ্যালয়টোত থকা দলীয় ফলকো ভাঙি চুৰ-মাৰ কৰে একাংশ উন্মত্ত প্ৰতিবাদকাৰী সদস্যই ৷

বাক্সাত বি পি এফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

লগতে পঢ়কঃ বিটিচি নিৰ্বাচনঃ ২৮ নং গৈয়বাৰী পৰিষদীয় সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.