ETV Bharat / state

বাক্সা জিলাত আঠ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

author img

By

Published : Mar 19, 2021, 10:21 PM IST

তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা বাক্সা জিলাৰ আঠ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷ বাক্সা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ ৫৮ নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬১ নং চাপাগুৰি বিধানসভা সমষ্টিৰ পৰা ইউপিপিএলৰ তিনি প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

বাক্সা জিলাত আঠ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন
বাক্সা জিলাত আঠ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

বাক্সা, ১৯ মাৰ্চ : তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা বাক্সা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ ৫৮ নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬১ নং চাপাগুৰি বিধানসভা সমষ্টিৰ পৰা ইউপিপিএলৰ তিনি প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী লেহোৰাম বড়ো, ৬২ নং বৰমা বিধানসভা সমষ্টিৰ পৰা ভূপেন বড়ো, ৬১ নং চাপাগুৰি বিধানসভা সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই মনোনয়ন দাখিল কৰে ৷

বাক্সা জিলাত আঠ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

মনোনয়ন পত্ৰ দাখিল কৰি ইউপিপিএলৰ তিনি প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিত নিশ্চিতভাবে জয় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। একেদৰে তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন দাস, নিৰ্দলীয় প্ৰাৰ্থী ডিম্বেশ্বৰ ৰাভা, চাপাগুৰি বিধানসভা সমষ্টিৰ পৰা ভোটাৰচ্ পাৰ্টি ইন্টাৰনেশ্যনেল প্ৰাৰ্থী ৰাজকুমাৰ বড়ো, অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় কমিটীৰ সমৰ্থিত প্ৰাৰ্থী হিতেশ ৰাভাই মনোনয়ন পত্র দাখিল কৰে।

লগতে পঢ়ক: এতিয়াও কা' সন্দৰ্ভত স্থিতি স্পষ্ট নহয় ৰাজনৈতিক নেতা কৰ্মীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.