ETV Bharat / state

চিৰাঙত চোৰাং কাঠ মাফিয়া গ্ৰেপ্তাৰ

author img

By

Published : Sep 2, 2019, 10:33 PM IST

চিৰাং জিলাত দীৰ্ঘদিনৰ পৰা আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি পলাই ফুৰা এজন কাঠ মাফিয়া গ্ৰেপ্তাৰ কৰা হৈছে ৷ চিৰাং জিলা সদৰ উপ - আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত সৌমখোৰ বসুমতাৰী নামৰ কাঠ মাফিয়াজনক গ্ৰেপ্তাৰ কৰা হয় ৷ ৰুনিখাতা থানাৰ অন্তৰ্গত ভূৰতিনালিৰ বাসিন্দা এইজন কাঠ মাফিয়াই দীৰ্ঘদিন ধৰি চিৰাং আৰক্ষী আৰু বন বিভাগৰ মূৰৰ কামোৰণি কৰি আহিছিল ৷

চিৰাঙত চোৰাং কাঠ মাফিয়া গ্ৰেপ্তাৰ

চিৰাং, 2 ছেপ্তেম্বৰ : চিৰাং জিলাত দীৰ্ঘদিনৰ পৰা আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি পলাই ফুৰা এজন কাঠ মাফিয়া গ্ৰেপ্তাৰ কৰা হৈছে ৷ চিৰাং জিলা সদৰ উপ - আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত এই মাফিয়া জনক গ্ৰেপ্তাৰ কৰা হয় ৷ এই অভিযানত সহযোগ আগবঢ়াই ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰন ৰাভা, চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্ম, চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথ আৰু দাদগিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ৰুছব গয়াৰী ৷ ইয়াৰোপৰি, এই যৌথ অভিযানত ভূটান আৰক্ষীৰো সহযোগ লাভ কৰে বুলি জানিব পৰা গৈছে ৷ ভাৰত-ভূটান সীমান্তৰ পৰা হুণ্ডাই ক্ৰেটা গাড়ীৰে পলায়ন কৰা অৱস্থাতেই গ্ৰেপ্তাৰ কৰা হয় কাঠ মাফিয়া সৌমখোৰ বসুমতাৰীক ৷ ৰুনিখাতা থানাৰ অন্তৰ্গত ভূৰতিনালিৰ বাসিন্দা এইজন কাঠ মাফিয়াই দীৰ্ঘদিন ধৰি চিৰাং আৰক্ষী আৰু বন বিভাগৰ মূৰৰ কামোৰণি কৰি আহিছিল ৷

কাঠ মাফিয়া সৌমখোৰ বসুমতাৰী
চিৰাঙত চোৰাং কাঠ মাফিয়া গ্ৰেপ্তাৰ

আৰক্ষী আৰু বন বিভাগৰ চকুত ধূলি দি পলাই ফুৰা এইজন ব্যৱসায়ীৰ ঘৰত চোৰাং কাঠ জব্দ কৰিবলৈ যোৱা আৰক্ষী আৰু বন বিভাগৰ লোকক আক্ৰমন কৰিছিল সৌমখোৰৰ মাতৃ আৰু পৰিয়ালৰ লোকে ৷ ইতিমধ্যে সৌমখোৰ বসুমতাৰীক সোধপোচৰ বাবে ঢালিগাঁও থানালৈ লৈ অহা হৈছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে বসুমতাৰীৰ বিৰুদ্ধে ঢালিগাঁও থানাত এক গোচৰ ৰুজু কৰিছে ৷

চিৰাঙত চোৰাং কাঠ মাফিয়া গ্ৰেপ্তাৰ
Intro:চিৰাঙত চোৰাং কাঠ মাফীয়া গ্ৰেপ্তাৰ । জিলাখনত দীৰ্ঘদিনৰ পৰা আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি পলাই ফুৰিছিল এই জন চোৰাং কাঠ মাফীয়া।


Body:চিৰাং জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসৰ নেতৃত্বত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্ম,ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া  ৰামচৰন ৰাভা,চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথ আৰু দাদগিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ৰুছব গয়াৰীৰ যৌথ অভিযানত ভূটান আৰক্ষীৰ সহযোগত ভাৰত-ভূটান সীমান্তৰ পৰা হুণ্ডাই ক্ৰেটা(এএচ ১৯এম- ৩৩৭০)গাড়ীৰে পলায়নৰ চেষ্টা কৰোতেই গ্ৰেপ্তাৰ হয় চিৰাং জিলাৰ চোৰাং কাঠ মাফীয়া সৌমখোৰ বসুমতাৰী । জিলাখনৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভূৰতিনালিৰ বাসিন্দা  এই জন চোৰাং কাঠ মাফীয়াই দীৰ্ঘদিনৰ পৰাই চিৰাং আৰক্ষী আৰু বন বিভাগৰ মুৰৰ কামোৰনি হৈ পৰিছিল । আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি পলাই ফুৰা এই জন ব্যৱসায়ীৰ ঘৰত চোৰাং কাঠ জব্দ কৰিবলৈ যোৱা আৰক্ষী আৰু বন বিভাগৰ লোকক আক্ৰমন কৰিবলৈ সৌমখোৰৰ মাতৃ আৰু পৰিয়ালৰ লোকে দা-খুকুৰীৰে আক্ৰমন কৰিবলৈ লৈছিল বুলিও প্ৰকাশ কৰে চিৰাং আৰক্ষীয়ে । গ্ৰেপ্তাৰ লোকজনক সোধপোচৰ বাবে ঢালিগাঁও থানাৰ আনিছে আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ পঞ্জিয়ন কৰিছে ঢালিগাঁও থানাত ।

বাইট : সুধাকৰ সিং, চিৰাং জিলা আৰক্ষী অধিক্ষক ।


Conclusion:বন বিভাগৰ নিয়ম অনুসৰি চোৰাং কাঠ মাফীয়া জনৰ বিৰুদ্ধে আইনী ব্যস্থা গ্ৰহন কৰাৰ কথা জনায় আৰক্ষী অধিক্ষক জনে ।


চিৰাঙৰ পৰা আব্দুল মালদক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.