ভৱানীপুৰত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

author img

By

Published : Oct 20, 2021, 12:10 PM IST

ভৱানীপুৰত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

ৰাজ্যত উপ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ বিজেপিয়ে যিমানেই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে, সিমানেই কংগ্ৰেছেও নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ৷ মঙলবাৰে বাক্সাত ভৱানীপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে ভূপেন কুমাৰ বৰাই ৷

বাক্সা, 20 অক্টোবৰ : ৰাজ্যত 30 অক্টোবৰত পাঁচ সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ প্ৰতিটো ৰাজনৈতিক দলে এতিয়া আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ কি শাসক, কি বিৰোধী কোনো এটা ৰাজনৈতিক দলে পিছপৰি ৰোৱা নাই এতিয়া ৷ সকলো ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত ৷ পিছপৰি ৰোৱা নাই বিৰোধী দল কংগ্ৰেছ ৷

তাৰ মাজতে মঙলবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাক্সাত কংগ্ৰেছে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ এখন বিশাল জনসভা সম্বোধন কৰি ভৱানীপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ চলালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ বাক্সাৰ শালবাৰীৰ গাতিত অনুষ্ঠিত হৈছিল এই প্ৰচাৰ সভা ৷

ভৱানীপুৰত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ভৱানীপুৰীয়া ৰাইজৰ স্বাভিমানক জলাঞ্জলি দি পূৰ্বৰ চৰকাৰৰ দিনত এজন অপৰাধী বুলি চিহ্নিত লোকক টিকট দি দলৰ মৰ্যাদা নষ্ট কৰিছে ৷ মঙলবাৰে প্ৰতিকূল বতৰৰ পিছতো ৰাইজ স্বতস্ফুৰ্তভাৱে ওলাই আহি প্ৰমাণ কৰি দিছে যে, উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসক বিপুল ভোট প্ৰদান কৰি ৰাইজে জয়যুক্ত কৰিব ।

উল্লেখযোগ্য যে, কংগ্ৰেছ দলৰ শীর্ষ নেতা ভূপেন দৈমাৰীয়ে সভাপতিত্ব কৰা নিৰ্বাচনী সভাত বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে আদি কৰি দলীয় নেতাসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ অসমীয়া ভাষাক অপমান : শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.