ETV Bharat / state

বাক্সাৰ মুছলপুৰত ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান

author img

By

Published : Jan 23, 2021, 3:55 PM IST

As_baksa_muchalpur-soil-lease-distribution-vis_as10029
বাক্সাৰ মুছলপুৰত ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান

শনিবাৰে বাক্সা জিলাৰ মুছলপুৰত প্ৰায় 103 টা পৰিয়ালক ভূমিপট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰা হয় ৷ ৰাজ্য চৰকাৰ তথা বিটিআৰ পৰিষদে নিজ প্ৰতিশ্ৰুতি অনুসৰি জিলাখনৰ মুঠ 822 টা পৰিয়ালক প্ৰদান কৰিব ভূমিপট্টা ৷

বাক্সা,23 জানুৱাৰী: ৰাজ্য চৰকাৰ তথা বিটিআৰ পৰিষদে নিজ প্ৰতিশ্ৰুতি অনুসৰি বিটিআৰৰ অন্তৰ্গত ভূমিবিহীন লোকসকলক মাটিৰ পট্টা প্ৰদান কৰে ৷ সমান্তৰালকৈ বাক্সা জিলাতো প্ৰশাসনে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰে ৷ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, বড়োলেণ্ড স্বায়ত্ব পৰিষদৰ উদ্যোগ তথা বাক্সা জিলা প্ৰশাসনৰ সহযোগত শনিবাৰে প্ৰায় 103 টা পৰিয়ালক ভূমিপট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰা হয় ৷

বাক্সাৰ মুছলপুৰত ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান

উল্লেখ্য যে, বাক্সা জিলাত মুঠ ৮২২ টা পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰা হ’ব ৷ শনিবাৰৰ এই অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ উপ মুখ্য-কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, এম চি এল এ ৰাকেশ ব্ৰহ্ম প্ৰমুখ্যে কেবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক-ঐতিহাসিক জেৰেঙা পথাৰত কি ক’লে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.