ETV Bharat / state

NRCয়ে সংজ্ঞাহীন কৰিলে বাক্সাৰ এজন ব্যক্তিক

author img

By

Published : Sep 15, 2019, 8:01 PM IST

১৯৩২ চনৰ মাটিৰ দলিল তথা ১৯৭০ চনৰ লিগেচী জমা দিয়াৰ লগতে বিগত সময়ছোৱাত ছয়বাৰকৈ শুনানি উপস্থিত হৈছিল বাক্সাৰ খয়বৰ আলিৰ পৰিয়ালটো ৷

নাগৰিক পঞ্জীত সন্দেহযুক্ত নাগৰিক হিচাপে নাম অহাত সংজ্ঞাহীন বাক্সাৰ এজন লোক

বাক্সা,14 ছেপ্তেম্বৰ : ক্ৰমে বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ এইবাৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰকাজুলিৰ খয়বৰ আলিৰ নামৰ ৫৫ বছৰীয়া লোকজনৰ নাম এন আৰ চি অন্তৰ্ভুক্ত হ'ল সন্দেহজনক নাগৰিক হিচাপে ৷ শণিবাৰে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰত্যক্ষ কৰাৰ পিচতে পোহৰলৈ আহে প্ৰকৃত ঘটনা ৷ ১৯৩২ চনৰ মাটিৰ দলিল তথা ১৯৭০ চনৰ লিগেচী জমা দিয়াৰ লগতে বিগত সময়ছোৱাত ছয়বাৰকৈ শুনানি উপস্থিত হৈছিল খয়বৰ আলিৰ পৰিয়ালটো ৷ কিন্তু এন আৰ চিৰ চূড়ান্ত তালিকাত নিজৰ পত্নী, কন্যাৰ নাম অন্তৰ্ভূক্ত হোৱাৰ বিপৰীতে নিজৰ নামত সন্দেহযুক্ত নাগৰিক বুলি সংলগ্ন হোৱা হোৱাত মানসিকভাৱে ভাগি পৰাৰ লগতে ঘৰলৈ আহি অচেতন হৈ পৰে খয়বৰ আলি ৷

নাগৰিক পঞ্জীত সন্দেহযুক্ত নাগৰিক হিচাপে নাম অহাত সংজ্ঞাহীন বাক্সাৰ এজন লোক
Intro:বাক্সাৰ তামুলপুৰৰ বৰকাজুলীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকাত নামৰ শেষত PFTD দেখি সংজ্ঞাহীন পৰিল এজন ।Body:ক্ৰমে বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ এইবাৰ বাক্সাত সংঘটিত হৈছে আন এক ঘটনা ৷ নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত প্ৰকৃত ভাৰতীয়ৰ নামৰ বিপৰিতে আহিল সন্দেহজনক নাগৰিক বুলি ৷ ঘটনাটো সংঘটিত হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰকাজুলিত ৷ বৰকাজুলিৰ খয়বৰ আলিৰ নামৰ ৫৫ বছৰীয়া লোকজনলৈ আহিল সন্দেহজনক নাগৰিক বুলি ৷ যোৱাকালি নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰত্যক্ষ কৰাৰ পিচতে পোহৰলৈ আহে প্ৰকৃত ঘটনা ৷ ১৯৩২ চনৰ মাটিৰ দলিল তথা ১৯৭০ চনৰ লিগেচী জমা দিয়াৰ লগতে বিগত সময়ছোৱাত ছয়বাৰকৈ হিয়াৰিঙত উপস্থিত হৈছিল খয়বৰ আলিৰ পৰিয়ালটো ৷ পিচে এন আৰ চিৰ চূড়ান্ত তালিকাত নিজৰ পত্নী, কন্যাৰ নাম অন্তৰ্ভূক্ত হোৱাৰ বিপৰিতে নিজৰ নামত সন্দেহ যুক্ত নাগৰিক বুলি সংলগ্ন হোৱা আচৰিত হৈ পৰে লোকজন ৷ খিলঞ্জীয়া মুছলমান হোৱাৰ লগতে সকলো নথিপত্ৰ জমা দিয়াৰ পিচতো এনেদৰে লিখা থকাত হতাশ হৈ পৰে খয়বৰ আলি ৷Conclusion:ঘৰলৈ আহি অচেতন হৈ পৰে খয়বৰ আলি ৷ যাৰবাবে সমগ্ৰ ঘৰখনতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.