ETV Bharat / state

২ কোটি টকা ব্যয়ৰে অৰুণাচলৰ দেওমালীত নিৰ্মাণ হ'ব নামঘৰ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:25 PM IST

Namghar in Arunachal Pradesh : ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তাৰে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰি সৱল কৰাৰ চেষ্টা ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দেওমালীৰ সুউচ্চ পাহাৰত অসম চৰকাৰৰ ২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব নামঘৰ ৷ খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনৰ বিপৰীতে অৰুণাচলত এইবাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ৷

Namghar will set up in Arunachal Pradesh
২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব নামঘৰ
২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব নামঘৰ

ডিব্ৰুগড়, ২০ জানুৱাৰী : গুৰুজনাই নামঘৰ স্থাপন কৰি সমাজত সম্প্ৰীতি আৰু একতা সৃষ্টিৰ বাবে চেষ্টা কৰিছিল । গুৰুৰ অমৰ বাণী লৈ অৰুণাচল প্ৰদেশৰ সুউচ্চ পাহাৰত নিৰ্মাণ হ'ব গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰ । ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তাৰে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী সৱল কৰাৰ চেষ্টা ।

অৰুণাচল প্ৰদেশৰ দেওমালীৰ সুউচ্চ পাহাৰত এতিয়াৰে পৰা নামঘৰত পুৱা গধূলি চলিব গুৰুজনাৰ গুণানুকীৰ্তন নাম প্ৰসংগ । কিয়নো ৰাজ্য চৰকাৰৰ উদ্যোগত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দেওমালীৰ সুউচ্চ পাহাৰত নিৰ্মাণ কৰা হ'ব নামঘৰ । নাহৰকটীয়াৰ মেৰবিলৰ শ্ৰীশ্ৰী বাৰেঘৰ চলিহা সত্ৰ আৰু অৰুণাচলৰ দেওমালীৰ নামচাং বস্তিৰ তত্বাৱধানত নিৰ্মাণ হ'বলগীয়া এই নামঘৰৰ শুক্ৰবাৰে আধাৰশিলা স্থাপন কৰা হয় ।

অৰুণাচল চৰকাৰৰ জলসম্পদ বিভাগৰ কেবিনেট মন্ত্ৰী ৱাংকি লৱাঙৰ উপস্থিতিত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে আনুষ্ঠানিকভাৱে এই নামঘৰৰ আধাৰশিলা স্থাপন কৰে । অৰুণাচলৰ নক্তে জনগোষ্ঠীৰ ৰাজ পৰিয়ালে দান কৰা ৩.৫ বিঘা ভূমিত অসম চৰকাৰৰ ২ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব এই নামঘৰ ।

নামঘৰৰ লগতে নিৰ্মাণ কৰা হ'ব এক অত্যাধুনিক গেষ্ট হাউছ, আটকধুনীয়া এক তোৰণ, চাৰি সীমাৰ পকী দেৱাল, সত্ৰাধিকাৰৰ এক কক্ষ, নামঘৰীয়াৰ জিৰণিগৃহৰ লগতে স্থাপন কৰা হ'ব পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক শ্ৰীৰাম আতা নগাৰ নৰোত্তমৰ প্ৰতিমূৰ্তি ।

উল্লেখযোগ্য যে, ইতিহাসত উল্লেখ আছে ১৭ শ শতিকাত নক্তে জনগোষ্ঠীৰ ৰজা নৰোত্তমে চাচনীৰ চলিহা বাৰেঘৰ সত্ৰৰ তৃতীয়জন সত্ৰাধিকাৰ শ্ৰীৰাম আতাৰ ওচৰত শৰণ লৈ বৈষ্ণৱ ধৰ্মত দীক্ষিত হোৱাৰ লগে লগে পাহাৰ ভৈয়ামৰ সম্পৰ্কৰ জৰীডালো কটকটীয়া হৈ পৰিছিল আৰু নক্তে লোকসকলেও নিয়মিতভাৱে সত্ৰলৈ বাৰ্ষিক কৰ কাটল প্ৰদান কৰি আহিছিল ।

কিন্তু কালক্ৰমত কিছু কাৰণত এই সম্পৰ্ক শিথিল হৈ পৰিছিল ৷ যাৰ বাবে সত্ৰলৈ তেওঁলোকৰ আগমনো হ্ৰাস হৈছিল । কিন্তু পুনৰ নক্তে জনগোষ্ঠীৰ একাংশ ধৰ্মপ্ৰাণ লোকৰ প্ৰচেষ্টাত ইয়াক পুনৰ উদ্ধাৰ কৰাৰ প্ৰয়াস আৰম্ভ কৰাৰ লগতে ৰাজ্যখনত নিৰ্মাণ আৰম্ভ কৰা হৈছে নামঘৰ ।

ইফালে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে গ্ৰহণ কৰা পদক্ষেপক অৰুণাচলবাসীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিছে ।

উল্লেখ্য যে, এই আধাৰশিলা অনুষ্ঠানত চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্ত, নক্তে জনগোষ্ঠীৰ ৰাজকোঁৱৰ ৱাংলং ৰাজকুমাৰ, প্ৰাক্তন শিক্ষামন্ত্ৰী ৱাংফা লৱাং, ডিব্ৰুগড় জিলা আয়ুক্তকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : ভাৰত জোড়ো ন্যায় যাত্ৰা: মুখ্যমন্ত্ৰীক একমুখে সমালোচনা ৰাজ্যৰ বিৰোধী দলসমূহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.