ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্ৰাক সমৰ্থন কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 7:03 PM IST

Updated : Jan 20, 2024, 7:22 PM IST

Bharat Jodo Nyay Yatra : ৰাজ্যৰ সকলো নাগৰিককে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমৰ্থন কৰিবলৈ আহ্বান জনালে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইয়ে । কা বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে কংগ্ৰেছৰ এই যাত্ৰাক সমৰ্থনৰ ঘোষণা কৰে । চৰকাৰে এই যাত্ৰাক লৈ ভয় খাইছে কাৰণে বাধা দিয়াৰ চেষ্টা কৰিছে ।

Anti CAA Coordination Committee of Assam
ভাৰত জোড়ো ন্যায় যাত্ৰাক সমৰ্থন কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ
ভাৰত জোড়ো ন্যায় যাত্ৰাক সমৰ্থন কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ

গুৱাহাটী,২০ জানুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্ৰাক সমৰ্থন অসমৰ কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ । শনিবাৰে সংবাদমেল সম্বোধন কৰি সমিতিৰ সভাপতি ড৹ হীৰেন গোঁহাইয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাক সমৰ্থনৰ কথা স্পষ্ট কৰে । তেওঁৰ মতে ৰাহুল গান্ধীয়ে ভাল সিদ্ধান্ত লৈছে । নাগৰিকৰ স্বাধীনতা আৰু তেওঁলোকৰ মত প্ৰকাশৰ স্বাধীনতা অতি প্ৰয়োজনীয় । সমূহীয়া মত জানিবলৈ হ'লে মানুহ একত্ৰিত হ'ব লাগিব ।

হিংসাজৰ্জৰ মণিপুৰত বৰ্তমানেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত নোহোৱাক লৈও ক্ষোভ প্ৰকাশ কৰে হীৰণে গোহাঁইয়ে । তেওঁ কয় যে মণিপুৰলৈ প্ৰধানমন্ত্ৰী নগ'ল কিন্তু ৰাহুল গান্ধী গৈ ৰাইজৰ মাজত শান্তিৰ বাণী বিলালে । মৰিয়নিত মুখ্যমন্ত্ৰীৰ আঁচনিৰ অনুষ্ঠান এৰি মহিলাসকলে ৰাহুল গান্ধীৰ ওচৰলৈ আহিল বুলিও তেওঁ উল্লেখ কৰে । ৰাহুল গান্ধীয়ে জনসাধাৰণৰ বিপুল অংশক লগত লৈ যাত্ৰা কৰিব খোজা কথাটো সঁচাই আদৰণীয় বুলিও তেওঁ মন্তব্য কৰে ।

ড৹ হীৰেন গোঁহাইয়ে লগতে কয় যে ৰাহুল গান্ধীৰ যাত্ৰাত চৰকাৰে ভয় খাইছে । যাৰ বাবে এই যাত্ৰাত বাধা দিয়াৰ চেষ্টা কৰিছে । গোঁহাইৰ মতে ৰাহুল গান্ধী আশাৰ প্ৰদীপ । তেওঁ লগতে কয় যে বিজেপি নেতা আহিলে সকলো স্তব্ধ কৰি স্কুল, কলেজ বন্ধ কৰে কিন্তু ৰাহুল গান্ধীয়ে যাত্ৰা কৰিলে অসুবিধা হয় । দেশৰ এগৰাকী নাগৰিক হিচাপে সমদল আৰু শোভাযাত্ৰা কৰাটো নাগৰিকৰ অধিকাৰ । ইয়াত বাধা দিব লগা চৰকাৰৰ কোনো বৈধ অধিকাৰ নাই । চৰকাৰে এই যাত্ৰাক বাধা দিব খোজা কথাক হীৰেন গোঁহাইয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁলোকে হিতাধিকাৰী সজাই সমগ্ৰ অসমবাসীক এলেহুৱা কৰিছে বুলিও বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে বিজেপি চৰকাৰক সমালোচনা কৰে । ইফালে চৰকাৰক অতি অনিষ্টকাৰী চৰকাৰ আখ্যা দিয়ে হীৰেণ গোঁহাইয়ে ।

আনহাতে ৰাহুল গান্ধীৰ যাত্ৰা পথত হোৱা সকলো বাধা উঠাই ল'বলৈও কা' বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে দাবী জনায় । যোৱা নিশা লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বেনাৰ আদি ফালি পেলোৱা কাৰ্যকো কা' বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে ধিক্কাৰ দিয়ে । ইফালে বুদ্ধিজীৱীগৰাকীক অসমৰ মুখ্যমন্ত্ৰীয়ে 'ডুপ্লিকেট' আখ্যা দিয়াক লৈও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । গোঁহাইৰ মতে তেওঁ নিজকে 'ডুপ্লিকেট' বুলি নাভাবে । মুখ্যমন্ত্ৰীয়ে এইটো অত্যন্ত অৰ্থহীন কথা কৈছে । ড৹ হীৰেন গোঁহাইয়ে দাবী কৰা মতে গুৱাহাটীত জনজীৱন ব্যাহত হ'ব বুলি চৰকাৰে ৰাহুল গান্ধীক যাত্ৰা কৰিবলৈ বাধা দিয়া নাই ।

ৰাহুল গান্ধীলৈ ভয় খাই হে বাধা প্ৰদান কৰিছে । কিন্তু কা' বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে ৰাহুল গান্ধী গুৱাহাটীৰ মাজেৰে যোৱাটো বিচাৰে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :ভাৰত জোড়ো ন্যায় যাত্ৰা: মুখ্যমন্ত্ৰীক একমুখে সমালোচনা ৰাজ্যৰ বিৰোধী দলসমূহৰ

Last Updated : Jan 20, 2024, 7:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.