ফ্ৰেন্স অ’পেনৰ খিতাপ দখল ন’ভাক জ’ক’ভিছৰ

author img

By

Published : Jun 14, 2021, 11:30 AM IST

WATCH: Djokovic tops Tsitsipas in 5 at French Open for 19th major

ফ্ৰেন্স অ’পেন (French Open)ৰ খিতাপ ন’ভাক জ’কভিছ (Novak Djokovic)ৰ ব্যক্তিগত 19 তম গ্ৰেণ্ড শ্লেম খিতাপ ৷ এই খিতাপ লাভৰ পাছতেই চাৰ্বিয়াৰ তাৰকা খেলুৱৈগৰাকী স্পেনিছ তাৰকা খেলুৱৈ ৰাফেল নাডাল আৰু ছুইজাৰলেণ্ডৰ তাৰকা খেলুৱৈ ৰ’জাৰ ফেডেৰাৰৰ সৰ্বাধিক গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জনৰ ক্ষেত্ৰত এটা খোজ দূৰৈত আছে ৷

স্প’ৰ্টছ ডেস্ক, 14 জুন : বিশ্বৰ শীৰ্ষস্থানৰ টেনিছ তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিছে (Novak Djokovic) দেওবাৰে ফ্ৰেন্স অ’পেন (French Open)ৰ খিতাপ দখল কৰে ৷ ফাইনেল খেলখনত প্ৰথম দুটা ছেটত চাৰ্ভিয়াৰ তাৰকা খেলুৱৈ ন’ভাক জ’কভিছ (Novak Djokovic) পিছপৰি আছিল যদিও পাছৰ তিনিওটা ছেটত তেওঁ সুন্দৰ প্ৰত্যাৱৰ্তনেৰে গ্ৰীক খেলুৱৈ ষ্টিফেন্স ছিপছিপাছ (Stefanos Tsitsipas)ক পৰাস্ত কৰে ৷ জ’ক’ভিছে গ্ৰীক খেলুৱৈগৰাকীক ফাইনেলত 6-7, 2-6, 6-3, 6-2, 6-4 ছেটত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰে ৷

ফ্ৰেন্স অ’পেন (French Open)ৰ খিতাপ ন’ভাক জ’কভিছ (Novak Djokovic)ৰ ব্যক্তিগত 19 তম গ্ৰেণ্ড শ্লেম (Grand Slam) খিতাপ ৷ এই খিতাপ লাভৰ পাছতেই চাৰ্বিয়াৰ তাৰকা খেলুৱৈগৰাকী স্পেনিছ তাৰকা খেলুৱৈ ৰাফেল নাডাল আৰু ছুইজাৰলেণ্ডৰ তাৰকা খেলুৱৈ ৰ’জাৰ ফেডেৰাৰৰ সৰ্বাধিক গ্ৰেণ্ড শ্লেম (Grand Slam) খিতাপ অৰ্জনৰ ক্ষেত্ৰত এটা খোজ দূৰৈত আছে ৷ ৰাফেল নাডাল আৰু ৰ’জাৰ ফেডেৰাৰে একক খেলত এতিয়ালৈ সৰ্বাধিক 20 বাৰকৈ গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে ৷

লগতে পঢ়ক : ক’ভিডত আক্ৰান্ত হৈ মিলখা সিঙৰ পত্নীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.