Tokyo Olympicত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ টেনিছ তাৰকা সুমিত নাগালৰ

author img

By

Published : Jul 16, 2021, 10:49 PM IST

tokyo-olympics-sumit-nagal-has-qualified-for-games-confirms-aita-secretary-general

টকিঅ’ অলিম্পিক(Tokyo Olympic)ত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় টেনিছ তাৰকা সুমিত নাগালে(Sumit Nagal) । কেইবাগৰাকীও খেলুৱৈৰ অলিম্পিক যাত্ৰা বাতিল হোৱাত এই দ্বাৰ মুকলি হৈছে তেওঁৰ বাবে ৷

স্পোৰ্টছ ডেস্ক, 16 জুলাই : অল ইণ্ডিয়া টেনিছ এছ'চিয়েশ্যনৰ (All India Tennis Association) মহাসচিব অনিল ধুপাৰে নিশ্চিত কৰিছে যে, ভাৰতীয় টেনিছ তাৰকা সুমিত নাগাল(Sumit Nagal)এ টকিঅ’ অলিম্পিক(Tokyo Olympic)ত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে । কেইবাগৰাকীও খেলুৱৈৰ অলিম্পিক যাত্ৰা বাতিল হোৱাত তেওঁৰ বাবে এই দ্বাৰ মুকলি হৈছে বুলি এআইটিএ(AITA)ৰ মহাসচিবগৰাকীয়ে মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, নাগালৰ বাবে অলিম্পিক যাত্ৰাৰ পথ প্ৰশস্ত হৈছে ৷

অৱশ্যে, এতিয়াও বহু দিশৰ ওপৰত ধ্যান দিবলগীয়া হোৱাৰ বাবে তেওঁ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিব নে নাই সেই কথা নিশ্চিত হোৱা নাই ৷ অংশগ্ৰহণ কৰিবলৈ যোগ্য বিবেচিত হোৱা কেইবাগৰাকীও খেলুৱৈৰ অলিম্পিক যাত্ৰা বাতিল হোৱাত সুমিত নাগালক এই সুবিধা অৰ্পণ কৰা হৈছে ৷ কিন্তু, গোটেই প্ৰক্ৰিয়াটো যথেষ্ট কম সময়ৰ ভিতৰত চলিবলগীয়া হোৱাৰ বাবে এআইটিএয়ে খেলুৱৈ গৰাকী এই যাত্ৰাৰ বাবে সাজু হয় নে নহয় নিশ্চিত কৰিব লাগিব বুলি মন্তব্য কৰে মহাসচিব গৰাকীয়ে ৷

এই সম্পৰ্কত সুমিতৰ সৈতে কৰ্তৃপক্ষৰ আলোচনা আৰম্ভ হোৱাৰ কথাও অৱগত কৰে মহাসচিব গৰাকীয়ে ৷ যদিহে, সুনীলৰ তৰফৰ পৰা অনুৰূপ সহাৰি পোৱা যায় কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে গঠন কৰিব বুলি জনায় অনিল ধুপাৰে ৷

২৩ বছৰীয়া খেলুৱৈজন বৰ্তমান এটিপি ৰেংকিংত ১৫৪ ত আছে, তেওঁ প্ৰাগ চিজেডই চেলেঞ্জাৰ কিউএফ( Prague CZE Challenger QF)ৰ পাচত 24 আগষ্ট 2020 তাৰিখে কেৰিয়াৰৰ সৰ্বোচ্চ 122 তম স্থান অৰ্জন কৰিছিল । হেমবাৰ্গত যোগ্যতা অৰ্জন কৰাৰ পাচত 29 জুলাই, 2019 তাৰিখে তেওঁ শীৰ্ষ 200 ত প্ৰৱেশ কৰিছিল । 25 নৱেম্বৰ, 2013 তাৰিখে মাত্ৰ 16 বছৰ বয়সত সুমিতে প্ৰথম বাৰ ৰেংকিং পইণ্ট অৰ্জন কৰিছিল ।

যদি সুমিতে টকিঅ'লৈ উৰা মাৰিবলৈ সক্ষম হয়, তেন্তে ভাৰতীয় টেনিছ দলটোৱে এই মাহৰ আৰম্ভণিতে দুটা ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰিব ৷ ছানিয়া মিৰ্জা(Sania Mirza) আৰু অংকিতা ৰাইনা(Ankita Raina)ই আনুষ্ঠানিকভাৱে প্ৰৱেশ ঘোষণা কৰাৰ পাচত আগন্তুক অলিম্পিকত মহিলাৰ দ্বৈত খেলত ভাৰতক প্ৰতিনিধিত্ব কৰাটো নিশ্চিত কৰা হৈছে ৷ ছানিয়া এইবাৰৰ সৈতে চাৰিবাৰৰ বাবে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী মহিলা খেলুৱৈ হ'বলৈ সাজু হৈছে ৷

লগতে পঢ়ক : মৰিগাঁও ধৰ্ষণ কাণ্ড : ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত পাঠাৰ DNA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.