Wimbledon: প্ৰথমজন ভাৰতীয়-আমেৰিকান হিচাপে গ্ৰেণ্ড শ্লেমত একক খিতাপ অৰ্জন সমীৰ বেনাৰ্জীৰ

author img

By

Published : Jul 11, 2021, 10:59 PM IST

indian american samir banerjee wins boys singles title in wimbledon

উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon championships) ফাইনেলত প্ৰথমগৰাকী ভাৰতীয়-আমেৰিকান হিচাপে Grand Slam boys' ৰ একক খিতাপ অৰ্জন কৰিলে সমীৰ বেনাৰ্জীয়ে ৷ 1 ঘন্টা 21 মিনিটত 7-5, 6-3 ব্যৱধানত প্ৰতিদ্বন্দী ভিক্টৰ লিলভক পৰাস্ত কৰি এই খিতাপ অৰ্জন সমীৰ বেনাৰ্জীৰ ৷

স্প'ৰ্টছ ডেস্ক, 11 জুলাই: উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon championships) ফাইনেলত দেওবাৰে প্ৰতিদ্বন্দী ভিক্টৰ লিলভ(Viktor Lilov)ক 1 ঘন্টা 21 মিনিটত 7-5, 6-3 ব্যৱধানত পৰাস্ত কৰি সমীৰ বেনাৰ্জী Grand Slam boys' ৰ একক খিতাপ অৰ্জন কৰা প্ৰথমজন ভাৰতীয়-আমেৰিকান হিচাপে পৰিগণিত হৈছে ৷ 5-3 ত অপেনিং ছেটৰ বাবে চাৰ্ভ কৰাৰ সময়ত 17 বছৰীয়া সমীৰৰ বাবে কিছু প্ৰত্যাহ্বান দেখা গৈছিল ৷ সমীৰে চাৰ্ভ হেৰুওৱাৰ ফলত ভিক্টৰে 5-5ত সমতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

অৱশ্যে পূৰ্বতকৈ শক্তিশালী খেল প্ৰদৰ্শন কৰি তেওঁ পৰৱৰ্তী দুখন খেলত জয়লাভ কৰি প্ৰথমটো ছেট নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷ দ্বিতীয়টো ছেটৰ মাজেৰে পাৰ হৈ তেওঁ ষষ্ঠখন খেলত প্ৰতিদ্বন্দী ভিক্টৰক হৰুৱাই 4-2ৰ অগ্ৰগতি লাভ কৰে ৷ ইয়াৰ পৰৱৰ্তী খেলখনতো ভিক্টৰে যথেষ্ট দুৰ্বল প্ৰদৰ্শন কৰে ৷ পুনৰ এবাৰৰ বাবে ভিক্টৰে ফাইটবেক(fightback) কৰিব বুলি আশা কৰা হৈছিল যদিও সমীৰে তেওঁক সেই সুযোগ নিদি পৰৱৰ্তী খেলখনো জিকি নিজৰ বিজয় সুনিশ্চিত কৰে ৷

যদিও প্ৰকাশ অমৃতৰাজ আৰু তেওঁৰ সম্পৰ্কীয় ভাই ষ্টিফেন অমৃতৰাজৰ দৰে ভাৰতীয়-আমেৰিকান খেলুৱৈসকলে চাৰ্কিটত খেলাৰ লগতে খিতাপো অৰ্জন কৰিবলৈ সক্ষম হৈছে , তথাপি গ্ৰেণ্ড শ্লেমত ল'ৰাৰ একক খিতাপ অৰ্জন কৰা সমীৰ প্ৰথমজন ভাৰতীয়-আমেৰিকান ৷ জানিব পৰা মতে, মুঠ চাৰিজন ভাৰতীয় ক্ৰমে- ৰামনাথন কৃষ্ণন(Ramanathan Krishnan), ৰমেশ কৃষ্ণন(Ramesh Krishnan), লিন্দাৰ পেছ(Leander Paes) আৰু য়ুকী ভাম্ব্ৰী(Yuki Bhambri)এ গ্ৰেণ্ড শ্লেম ইভেন্টত ল'ৰাৰ একক খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় দলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.