ৰাষ্ট্ৰীয় জিমনাষ্টিকছ দিৱস 2021

author img

By

Published : Sep 18, 2021, 7:43 AM IST

National Gymnastics Day 2021

ৰাষ্ট্ৰীয় জিমনাষ্টিকছ দিৱসটি ছেপ্তেম্বৰ মাহৰ তৃতীয়টো শনিবাৰে উদযাপন কৰা হয় ৷ যুৱচামক জিমনাষ্টিকছৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰাৰ লগতে খেলবিধৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই দিৱসটি উদযাপন কৰা হয় ৷

ৰাষ্ট্ৰীয় জিমনাষ্টিকছ দিৱস (National Gymnastics Day) :

পুৰণি গ্ৰীচত খেলা খেলসমূহৰ ভিতৰত অন্যতম আছিল জিমনাষ্টিকছ (Gymnastics) ৷ সেই সময়ত পুৰুষসকলে যুদ্ধৰ বাবে নিজকে উপযুক্ত কৰি ৰাখিবলৈ জিমনাষ্টিকছৰ অনুশীলন কৰিছিল ৷ জিমনাষ্টিকছ দিৱসটি প্ৰতি বছৰে ছেপ্তেম্বৰ মাহৰ তৃতীয়টো শনিবাৰে উদযাপন কৰা হয় ৷

প্ৰথম জিমনাষ্টিকছ দিৱস উদযাপন কৰা হৈছিল 1990 চনৰ শেষৰফালে ৷ বিশেষকৈ যুৱচামক ব্যায়ামৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে এই দিৱসৰ আৰম্ভণি কৰা হৈছিল ৷ এই বছৰ ৰাষ্ট্ৰীয় জিমনাষ্টিকছ দিৱসটো 18 ছেপ্তেম্বৰ অৰ্থাৎ আজি উদযাপন কৰা হ’ব ৷

জিমনাষ্টিকছ দিৱসৰ ইতিহাস

প্ৰথম জিমনাষ্টিকছ দিৱসটো 1990 চনৰ শেষৰফালে জিমনাষ্টিকছ সন্দৰ্ভত সজাগতা অনাৰ উদ্দেশ্যে উদযাপন কৰা হৈছিল ৷ তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে এই দিৱসটো উদযাপন কৰি অহা হৈছে ৷ এই বিশেষ দিনটোত এই খেলবিধৰ বিভিন্ন উপকাৰিতা আৰু আকৰ্ষণৰ বিষয়ে যুৱচামক আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হয় ৷

লগতে পঢ়ক : world letter writing day: চিঠি লিখা কলাক জীয়াই ৰখাৰ প্ৰয়াস

জিমনাষ্টিকছ দিৱসৰ বিষয়ে আহক জানো কিছু কথা-

পুৰণি গ্ৰীক ইতিহাসত জিমনাষ্টিকছে এক বিশেষ স্থান লাভ কৰিছিল ৷ পুৰণি কালত এই খেলবিধৰ জৰিয়তে পুৰুষসকলে নিজকে শক্তিশালী কৰি যুদ্ধৰ বাবে উপযুক্ত কৰি ৰাখিছিল ৷ ইয়াৰ উপৰিও সেই সময়ত গ্ৰীক অলিম্পিকতো (Greek Olympics) এই খেলবিধ খেলা হৈছিল ৷

আধুনিক জিমনাষ্টিকছৰ (Modern Gymnastics) পিতৃ হিচাপে জনা যায় জাৰ্মানীৰ ফ্ৰেডেৰিক লুডৱিগ জানক (Friedrich Ludwig Jahn) ৷ 1700 শতিকাত তেওঁ জিমনাষ্টিকছৰ কেইবাটাও ভাগত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল, যি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৷ জিমনাষ্টিকছ হ’ল একক আৰু দলীয়া উভয় শাখাৰ খেল ৷ ইয়াক বিশ্বৰ বিভিন্ন প্ৰান্তত খেলা হয় ৷ আনহাতে, অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্টসকলে বছৰ বছৰৰ অনুশীলন আৰু একাগ্ৰতাৰ ফলত এই খেলবিধত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷

কেইবাগৰাকীও খেলুৱৈয়ে এই খেলবিধৰ পৰিচয় সম্পূৰ্ণৰূপে সলনি কৰি দিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত এগৰাকী হৈছে চিমন বাইলছ ৷ তেওঁ 2016 চনৰ ৰিঅ’ অলিম্পিকত চাৰিটা সোণৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই সফলতাই তেওঁক চুপাৰষ্টাৰৰ খিতাপ প্ৰদান কৰে ৷ ইয়াৰ উপৰিও তেওঁ 2018 চনৰ US Championship ত সাম্ভাব্য আটাইকেইটা শিতানতে সোণৰ পদক লাভ কৰে ৷

লগতে পঢ়ক : বিশ্বকাপৰ পাছত ৰোহিত শৰ্মা হ'ব টি-২০ দলৰ অধিনায়ক: বিনোদ কাম্বলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.