ETV Bharat / sports

Women Asian Champions Trophy 2023 : এছিয়ান মহিলা চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 11:23 AM IST

Women Asian Champions Trophy 2023
এছিয়ান মহিলা চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতৰ

এছিয়ান মহিলা চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতৰ মহিলা হকী দলৰ সন্মুখত ধৰাশায়ী জাপান । ৪-০ গ'লত ভাৰতে পৰাস্ত কৰে জাপানক । ভাৰতৰ হৈ সংগীতা কুমাৰী, লালৰেমচিয়ামী, নেহা আৰু বন্দনা কাটাৰিয়াই গ'ল কৰে ।

স্পৰ্টছ ডেস্ক,৬ নৱেম্বৰ : দেশৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক ভাল খবৰ । এছিয়ান মহিলা চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন ভাৰতৰ । দেওবাৰে অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত খেলখনত ভাৰতৰ মহিলা হকী দলটোৱে চিৰপ্ৰতিদ্বন্দী জাপানক ৪-০ গ'লত পৰাস্ত কৰে আৰু ট্ৰফীৰ সৈতে সোণৰ পদক লাভ কৰে । দুয়োটা দলৰ মাজৰ ফাইনেল খেলখন অতি ৰোমাঞ্চকৰ আছিল । কিন্তু ভাৰতীয় মহিলা হকী দলটোৱে একপ্ৰকাৰ জাপানক চাপত ৰাখিলে । তৃতীয় কোৱাৰ্টাৰলৈকে দুয়োটা দলৰ মাজত কঠিন সংগ্ৰাম হৈছিল, কিন্তু চতুৰ্থ কোৱাৰ্টাৰত ভাৰতে ৩ টা উৎকৃষ্ট গ'ল কৰে আৰু মেচখনত জাপানক ৪-০ ত পৰাস্ত কৰে ।

ভাৰতৰ সমৰ্থনত ষ্টেডিয়ামখন দৰ্শকেৰে ভৰি থকা দেখা গৈছিল । ভাৰতীয় দলটোৱেও সমৰ্থকসকলক নিৰাশ নকৰিলে আৰু সুন্দৰ প্ৰদৰ্শনৰ মাজেৰে শক্তিশালী জাপানৰ দলটোক পৰাস্ত কৰে ।

উল্লেখ্য যে ফ্লাডলাইটৰ বিসংগতিৰ বাবে খেলখন প্ৰায় এঘণ্টা পলমকৈ আৰম্ভ হয় । তাৰ পাছত প্ৰথম কোৱাৰ্টাৰত খেলত জাপানে ভাৰতক শক্তিশালীভাৱে প্ৰত্যাহ্বান জনাই । যাৰ বাবে প্ৰথম কোৱাৰ্টাৰত দুয়োটা দলে গ'ল দিয়াত বিফল হয় । এটা সুন্দৰ গ'লৰ সৈতে ভাৰতে দ্বিতীয় কোৱাৰ্টাৰ আৰম্ভ কৰে । ভাৰতৰ তাৰকা খেলুৱৈ সংগীতা কুমাৰীয়ে প্ৰথমটো গ'ল কৰি ৰাঁচীৰ জনতাক আনন্দিত কৰি তোলে । দ্বিতীয় কোৱাৰ্টাৰত জাপানে এটাও গ'ল দিব নোৱাৰিলে । তৃতীয় কোৱাৰ্টাৰও দুয়োটা দলে তীব্ৰ যুঁজত অৱতীৰ্ণ হয় । কিন্তু কোনো এটা দলেও গ'ল দিবলৈ সক্ষম নহ'ল আৰু ভাৰতে ১-০ ৰ অগ্ৰগতি লাভ কৰিলে ।

খেলখন চতুৰ্থ কোৱাৰ্টাৰ অৱশ্যে ভাৰতীয় দলৰ পক্ষত আছিল । ভাৰতে পেনাল্টি কৰ্ণাৰেৰে কোৱাৰ্টাৰ আৰম্ভ কৰে যদিও গ'ল কৰিবলৈ ব্যৰ্থ হয় । কিন্তু কেইমিনিটমানৰ পাছতে নেহাই এটা সুন্দৰ গ'ল কৰি ভাৰতক মেচখনত ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে । পাছত লালৰেমচিয়ামীয়ে খেলৰ সমাপ্তি কেইমিনিটমান পূৰ্বে এক দৰ্শনীয় গ'ল কৰি ভাৰতক ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰে । শেষৰ কেইমিনিটমানত ভাৰতৰ বন্দনা কাটাৰিয়াই আন এটা গ'ল কৰে আৰু মেচখনত ৪-০ গ'লৰ ব্যৱধানত জয়লাভ কৰে ।

লগতে পঢ়ক :ICC World Cup 2023: অপ্ৰতিৰোধ্য ভাৰত, ইডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 243 ৰাণত জয় লাভ মেন ইন ব্লুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.