ETV Bharat / sports

ওড়িশাৰ বিৰুদ্ধে জয় লাভ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

author img

By

Published : Oct 26, 2019, 11:45 PM IST

ওড়িশাৰ বিৰুদ্ধে জয় লাভ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

গৃহভূমিত জয় লাভ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ৷ ওড়িশা এফ চিৰ বিৰুদ্ধে 2-1 গ’লত জয় লাভ নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৰ ৷

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ: শনিবাৰে আই এছ এল ষষ্ঠ সংস্কৰণত প্ৰথমটো জয় লাভ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ওড়িশাৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সক্ষম হয় ঘৰুৱা দলটোৱে ৷ মেচখনত 2-1 গ’লত জয় লাভ কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ৷ নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ 2 মিনিটত প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয় ৰিডীম টিলাঙে ৷ প্ৰথমাৰ্দ্ধৰ খেল শেষ হোৱা লৈ 1-0 ৰ অগ্ৰগতি ল’বলৈ সক্ষম হৈছিল নৰ্থ ইষ্ট দলটোৱে ৷

মেচখনৰ দ্বিতীয়াৰ্দ্ধৰ 71 মিনিটত ওড়িশাৰ ছিছ্কো হাৰনানডেজে গ’ল কৰি 1-1 সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ কিন্তু নৰ্থ ইষ্টৰ হৈ আন এটা গ’ল কৰি জয় নিশ্চিত কৰে আছাম’হ গ্যানে ৷ 84 মিনিটত খেলুৱৈগৰাকীয়ে গ’ল কৰি নৰ্থ ইষ্ট ইউনাইটেডৰ ষষ্ঠ সংস্কৰণৰ প্ৰথম জয় লাভ সাব্যস্ত কৰে ৷ নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমখন মেচত বাংগালুৰু এফ চি ৰ বিৰুদ্ধে ড্ৰ’ কৰিবলৈ সক্ষম হৈছিল ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.