ETV Bharat / sports

ইউৰো ২০২০: স্কটলেণ্ডৰ বিৰুদ্ধে পেত্ৰিক শ্চিকৰ দুটা গ’ল

author img

By

Published : Jun 15, 2021, 8:31 PM IST

Patrick Schick
স্কটলেণ্ডৰ বিৰুদ্ধে পেত্ৰিক শ্চিকৰ দুটা গল

ইউৰো কাপ (Euro Cup) ত স্কটলেণ্ডৰ বিৰুদ্ধে চেক ৰিপাব্লিক (Cezch republic)ৰ জয় । চেক ৰিপাব্লিকৰ ষ্ট্ৰাইকাৰ পেত্ৰিক শ্চিকে (Patrik Schick) দুটাকৈ গ’ল কৰাৰ ফলত সোমবাৰে হেম্পডেন পাৰ্কত স্কটলেণ্ডৰ বিৰুদ্ধে আৰম্ভণি ইউৰো ২০২০ (Euro 2020) খেলত তেওঁৰ দলে ২-০ গ’লত জয়ী সাব্যস্ত কৰে ।

স্পৰ্টছ ডেস্ক, ১৫ জুন : চেক ৰিপাব্লিকৰ (Czech Republic) ষ্ট্ৰাইকাৰ পেত্ৰিক শ্চিকে (Patrik Schick) দুটাকৈ গ’লৰ বিনিময়ত সোমবাৰে হেম্পডেন পাৰ্কত স্কটলেণ্ডৰ বিৰুদ্ধে আৰম্ভণি ইউৰো ২০২০ (Euro 2020) খেলত তেওঁৰ দলে ২-০ গলত জয়ী সাব্যস্ত কৰে ।

শ্চিকৰ প্ৰথমটো গ’ল আছিল খেলৰ ৪২ মিনিটত । দ্বিতীয়টো গল আছিল ৫২ মিনিটত । দুয়োটা গ’লে আছিল অতি অসাধৰণ আৰু স্কটলেণ্ডৰ খেলুৱৈক অতিক্ৰম কৰি চেক ৰিপাব্লিকান খেলুৱৈ গৰাকীয়ে নিজৰ দলৰ বাবে গ’ল যোগ দিছিল ।

স্কটলেণ্ডৰ বাবে কিক-অফৰ পূৰ্বেই বেয়া খবৰ আহিছিল যেতিয়া আৰ্চেনেলৰ (Arsenal) ডিফেণ্ডাৰ টাৰ্নিয়ে আঁঠুৰ আঘাতৰ বাবে খেলখনৰ পৰা বঞ্চিত হৈছিল । তিনিজনীয়া ডিফেণ্ডাৰত তেওঁৰ স্থান লৈছিল লিয়াম কুপাৰে । যোৱা ৫ খন খেল অপ্ৰতিৰুদ্ধ হৈ থাকিও ১২ হাজাৰ দৰ্শকৰ সন্মুখত চেকৰ বিৰুদ্ধে হাৰ মানিছিল স্কটলেণ্ডে । এণ্ডি ৰবাৰ্টছন (Andy Robertson) আছিল তেওঁলোকৰ অন্যতম ভাবুকি ।

অৰ্ধাংশ সমাপ্ত হোৱাৰ প্ৰাকমুহূৰ্তত চেক প্লেয়াৰ সকলে স্কটিছ গ’ল পোষ্টত চাপ প্ৰয়োগ কৰিবলৈ সক্ষম হৈছিল আৰু একেৰাহে তিনিটা কৰ্ণাৰ লাভ কৰিছিল । শ্চিকে ৪২ মিনিটত কৌফলৰ উৎকৃষ্ট ক্ৰছৰ পিছতে সুন্দৰ গ’ল কৰিবলৈ সক্ষম হয় । ইফালে নকআউটলৈ (knockout) যাবলৈ হ'লে স্কটলেণ্ডে অহা ১৮ জুনত ইংলেণ্ডৰ বিৰুদ্ধে বিজয় নিশ্চিত কৰিব লাগিব ।

লগতে পঢ়ক:ফ্ৰেন্স অ’পেনৰ খিতাপ দখল ন’ভাক জ’ক’ভিছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.