ETV Bharat / sports

2023 Cricket World Cup: বিশ্বকাপ ক্ৰিকেটত ইতিহাস ৰচনাকাৰী পাঁচগৰাকী শ্ৰেষ্ঠ ফিল্ডাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:36 PM IST

বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ বাবে এতিয়া অপেক্ষা মাত্ৰ কেইটামান ঘণ্টাৰ । বিশ্বকাপৰ বাবে সকলো দলেই বেটছমেন আৰু বলাৰৰ লগতে শ্ৰেষ্ঠ ফিল্ডাৰ বাছনি কৰিছে, যাতে মেচখনৰ গুৰুত্বপূৰ্ণ সময়ত ৰান ৰোধ কৰিব পৰা যায় । এই লেখাটোত বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ পাঁচজন ফিল্ডাৰৰ বিষয়ে জানো আহক

2023 Cricket World Cup
TOP FIVE FIELDERS IN WORLD CUP HISTORY

স্প’ৰ্টছ ডেস্ক, 4 অক্টোবৰ: বিশ্বকাপ ২০২৩ আৰম্ভ হ’বলৈ আৰু মাত্ৰ কেইঘণ্টামান বাকী । বৃহস্পতিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত প্ৰথমখন খেল অনুষ্ঠিত হ’ব ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত । অহা ৮ অক্টোবৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব । বিজয় ট্ৰফী হাতত তুলি লোৱাৰ উদ্দেশ্যেৰে সকলো দলে প্ৰৱেশ কৰিব । বেটছমেন আৰু বলাৰৰ লগতে খেলৰ সময়ত ফিল্ডাৰসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আজি আমি আপোনালোকক জনাম এই সন্মানীয় প্ৰতিযোগিতাখনৰ ইতিহাসৰ শীৰ্ষ পাঁচগৰাকী ফিল্ডাৰৰ বিষয়ে ।

ৰিকি পন্টিং

ক্ৰিকেট বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ পাঁচজন ফিল্ডাৰৰ বিষয়ে ক’বলৈ হ’লে তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ নাম । ১৯৯৬ চনৰ পৰা ২০১১ চনৰ ভিতৰত বিশ্বকাপত ৪৬খন মেচত অংশগ্ৰহণ কৰা পণ্টিঙে ২৮ টা কেচ আয়ত্ত কৰে । ৰিকি পণ্টিঙে এখন মেচত সৰ্বাধিক তিনিটা কেচ ধৰিছে । বিশ্বকাপত প্ৰতিখন মেচত পণ্টিঙৰ গড় কেচ হৈছে ০.৬০৮ ।

জো ৰুট

বিশ্বকাপৰ শীৰ্ষ পাঁচজন ফিল্ডাৰৰ তালিকাত দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ খেলুৱৈ জো ৰুটৰ নাম । ২০১৫ আৰু ২০১৯ চনত দুখন এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ কৰা ৰুটে ১৭খন মেচত ২০টা কেচ ধৰিছে । ৰুটে এখন মেচত সৰ্বাধিক তিনিটা কেচ লৈছে । জো ৰুটৰ এখন মেচত গড় কেচ ১.১৭৬ ।

সনথ জয়সূৰ্য

বিশ্বকাপৰ ইতিহাসৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছে শ্ৰীলংকাৰ প্ৰাক্তন অ’পেনাৰ সনথ জয়সূৰ্যই । ১৯৯২ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ বিশ্বকাপৰ মেচত অংশগ্ৰহণ কৰিছিল । য'ত তেওঁ ৩৮ খন মেচত ১৮ টা কেচ লৈছে । এখন মেচত তেওঁ সৰ্বাধিক কেচ লোৱাৰ সংখ্যা দুটা । এখন মেচত তেওঁৰ গড় কেচ ০.৪৭৩ ।

ক্ৰীছ গেইল

বিশ্বকাপৰ শীৰ্ষ পাঁচজন ফিল্ডাৰৰ ভিতৰত চতুৰ্থ স্থানত আছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ক্ৰীছ গেইলৰ নাম । ২০০৩ চনৰ পৰা ২০১৯ চনলৈ ৩৫ খন মেচত ১৭ টা কেচ ধৰিছে গেইলে । কিন্তু ক্ৰীছ গেইল ওখ আৰু তেওঁৰ শৰীৰ গধুৰ হোৱা বাবে এনে খেলুৱৈয়ে প্ৰায়ে ডাইভিং আৰু ফিল্ডিঙত কিছু অসুবিধা পায় । কিন্তু তাৰ পিছতো গেইল তালিকাত আছে । বিশ্বকাপত তেওঁৰ গড় কেচ হৈছে ০.৪৮৫ ।

ফাফ ডু প্লেছিছ

বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ পাঁচটা ফিল্ডাৰৰ ভিতৰত পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ ফাফ ডু প্লেছিছ । ২০১১ চনৰ পৰা ২০১৯ চনলৈকে ২৩খন মেচত ১৬টা কেচ লোৱাৰ লগতে প্লেছিছে এখন মেচত সৰ্বাধিক দুটা কেচ লৈছে । এখন মেচত তেওঁৰ গড় কেচ ০.৭২৭ ।

লগতে পঢ়ক: Cricket World Cup history: আজিও সৰ্বশ্ৰেষ্ঠ বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসৰ এই পাঁচটা কেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.