IPL 2021 : আজি RCB ৰ মুখামুখি হ’ব KKR

author img

By

Published : Sep 20, 2021, 12:41 PM IST

RCB vs KKR sides will paly their opening match today of the second leg of IPL2021

IPL 2021 ৰ দ্বিতীয় পৰ্যায়ত সোমবাৰে তিনিবাৰৰ ফাইনেলিষ্ট RCB ৰ মুখামুখি হ’ব দুবাৰৰ চেম্পিয়ন KKR ৷ সম্প্ৰতি RCB ৰ দলটো IPL ৰ তালিকাত তৃতীয় নম্বৰত থকাৰ বিপৰীতে KKR আছে সপ্তম স্থানত ৷

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : IPL 2021 ৰ দ্বিতীয় পৰ্যায়ত সোমবাৰে তিনিবাৰৰ ফাইনেলিষ্ট RCB ৰ মুখামুখি হ’ব দুবাৰৰ চেম্পিয়ন KKR ৷ এই মেচখনৰ পূৰ্বে দেওবাৰে RCB ৰ কেপ্তেইন বিৰাট কোহলীয়ে চলিত আইপিএলৰ পিছতে দলটোৰ অধিনায়কৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল ৷ এগৰাকী আক্ৰমণাত্মক কেপ্তেইন হিচাপে নাম থকা কোহলীয়ে বৰ্তমানলৈকে RCB ক এটাও IPL ৰ ট্ৰফী প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই ৷

এইবাৰ তেওঁৰ লক্ষ্য কেৱল এইটোৱেই হ’ব কেপ্তেইন হিচাপে শেষৰটো IPL ত দলটোক বিজয়ৰ সোৱাদ দিয়া ৷ কোহলীয়ে আজি IPL ত নিজৰ 200 নম্বৰ মেচখন খেলিব ৷ আই পি এলৰ ইতিহাসত 200 খন মেচ খেলা কোহলী হ’ল পঞ্চমগৰাকী খেলুৱৈ ৷ কোহলীৰ পূৰ্বে IPL ত দুশখন মেচ খেলিছে CSK ৰ কেপ্তেইন মহেন্দ্ৰ সিং ধোনী, সুৰেশ ৰাইনা, KKR ৰ দীনেশ কাৰ্তিক আৰু Mumbai Indians ৰ কেপ্তেইন ৰোহিত শৰ্মা ৷

ইয়াৰ উপৰিও কোহলীৰ নজৰত থাকিব আন এক লক্ষ্য ৷ সেয়া হ’ল টী20 ত 1000 ৰাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য ৷ এই মেচখনত যদি কোহলীয়ে 71 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়, তেন্তে তেওঁ টী20 ৰ ইতিহাসত 1000 ৰাণ সংগ্ৰহ কৰা পঞ্চমগৰাকী বেটছমেন হৈ পৰিব ৷

ইয়াৰ পূৰ্বে ভাৰতত অনুষ্ঠিত হোৱা IPL ৰ প্ৰথম পৰ্যায়ত কোহলীয়ে আন এক ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ৷ Rajasthan Royals ৰ বিপৰীতে খেলা মেচখনত কোহলীয়ে IPL ত 6000 ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ৷ IPL ৰ ইতিহাসত এই ৰেকৰ্ড অৰ্জন কৰা কোহলী হ’ল একমাত্ৰ খেলুৱৈ ৷

সম্প্ৰতি RCB দলটো IPL ৰ তালিকাৰ তৃতীয় নম্বৰত থকাৰ বিপৰীতে KKR আছে সপ্তম স্থানত ৷

লগতে পঢ়ক : RCB ৰ কেপ্তেইন পদৰ পৰা পদত্যাগ কৰিব কোহলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.