ETV Bharat / sports

ICC cricket Wold Cup: আই চি চিৰ ওচৰত পাক ক্ৰিকেট ব’ৰ্ডে তৰিলে অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 10:35 PM IST

ভাৰত-পাকিস্তানৰ মেচৰ সময়ত পাকিস্তানৰ সাংবাদিক বা অনুৰাগীয়ে ভিছা লাভ নকৰাক লৈ অসন্তুষ্ট পাক ক্ৰিকেট ব’ৰ্ড ৷ আই চি চিক দিলে গোচৰ ৷

India Pakistan match in Ahmedabad
ICC cricket Wold Cup

স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ: ভাৰতত চলি থকা ক্ৰিকেট বিশ্বকাপ বাতৰি সংগ্ৰহ কৰিবলৈ পাকিস্তানী সাংবাদিকক ভিছা দিয়াত পলম হোৱাক লৈ মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদত আনুষ্ঠানিক প্ৰতিবাদ সাব্যস্ত কৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে । ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেলখনত মাত্ৰ এজন বা দুজন পাকিস্তানী সাংবাদিক উপস্থিত আছিল আৰু ১,৩২,০০০ লোক বহিব পৰা ষ্টেডিয়ামখনত কোনো পাকিস্তানী অনুৰাগী উপস্থিত নাছিল । পিচিবিয়ে অনুৰাগীৰ বাবে নন-ভিছা নীতিৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে ।

পূৰ্বে টুইটাৰ নামেৰে পৰিচিত X ত শ্বেয়াৰ কৰা এটা পোষ্টত পিচিবি মিডিয়াই লিখিছে, ‘‘বিশ্বকাপ ২০২৩ ত পাকিস্তানী সাংবাদিকৰ ভিছাত পলম হোৱা আৰু পাকিস্তান অনুৰাগীৰ বাবে ভিছা নীতি নথকাৰ ফলত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিৰ ওচৰত আন এক আনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰিছে ।" আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে খেলৰ সময়ত পাকিস্তান দলটোক লক্ষ্য কৰি অনুচিত আচৰণ কৰাৰ সন্দৰ্ভতো পিচিবিয়ে আইচিচিত অভিযোগ দাখিল কৰে ।

অভিযোগ অনুসৰি, ভাৰতৰ বিৰুদ্ধে খেলৰ সময়ত পাকিস্তানৰ ক্ৰিকেটাৰসকলক একাংশ দৰ্শকে বু-বু বা-বা কৰিছিল ৷ যিখন খেলত ৰোহিত শৰ্মাৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছিল । পিচিবি মিডিয়াই আৰু কয় যে ২০২৩ চনৰ ১৪ অক্টোবৰত অনুষ্ঠিত ভাৰত বনাম পাকিস্তানৰ মেচখনৰ সময়ত পাকিস্তান দলটোক লক্ষ্য কৰি অনুচিত আচৰণৰ সন্দৰ্ভতো পাক ক্ৰিকেট ব’ৰ্ডে অভিযোগ দাখিল কৰিছে ।

মোটেৰাত ভাৰতৰ বিৰুদ্ধে খেলখনৰ সাক্ষী আছিল পিচিবিৰ মুৰব্বী জাকা আশ্ৰাফ । পাকিস্তানৰ দলটোৱে হায়দৰাবাদৰ পৰা বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছিল ৷ তাৰ পিছত আহমেদাবাদলৈ গুচি গৈছিল আৰু এতিয়া কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত আছে । এতিয়ালৈকে দুখন খেলত জয়লাভ কৰাৰ লগতে এখন খেলত পৰাস্ত হৈছে পাকিস্তান ৷ পৰৱৰ্তী খেলখন ২০ অক্টোবৰ শুকুৰবাৰে বেংগালুৰুত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: WORLD CUP 2023: ভাৰতলৈ আহি ভাইৰেল জ্বৰত আক্ৰান্ত কেইবাজনো পাকিস্তানী খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.