অ’ভেলত ইংলেণ্ডৰ বিপৰীতে ভাৰতৰ ঐতিহাসিক জয়

author img

By

Published : Sep 7, 2021, 7:40 AM IST

Updated : Sep 7, 2021, 1:01 PM IST

India's historic win against England in the fourth test at oval

সোমবাৰে ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখনীয়া টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত আয়োজক দলটোৰ বিপৰীতে ঐতিহাসিক জয় লাভ কৰে ভাৰতে ৷ সম্প্ৰতি ভাৰতে এই শৃংখলাত 2-1 ৰ অগ্ৰগতি লাভ কৰিছে ৷

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্তেম্বৰ : সোমবাৰে অ’ভেলত ইংলেণ্ডৰ বিপৰীতে five-match series ৰ চতুৰ্থখন টেষ্টত ঐতিহাসিক জয় সাব্যস্ত কৰে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে ৷ আজিৰ পৰা 40 বছৰ পূৰ্বে ইংলেণ্ডৰ বিপৰীতে জয়ৰ মুহুৰ্তৰ সাক্ষী হৈ ৰৈছিল অ’ভেল ৷ ইয়াৰ পিছতে সোমবাৰৰ এই জয়ৰ দ্বাৰা 2-1 ৰ অগ্ৰগতি লাভ কৰা ভাৰতীয় দলটোৱে ইতিহাসৰ পুনৰাবৃত্তিৰ দিশে আৰু এখোজ আগবঢ়াইছে ৷

ভাৰতে চতুৰ্থখন টেষ্টত ইংলেণ্ডক 368 ৰ লক্ষ্য বান্ধি দিছিল যদিও 210 ৰাণতে সীমাৱদ্ধ থাকে ইংলেণ্ডৰ দলটো ৷ ভাৰতে এই মেছখনত 157 ৰাণৰ ব্যৱধানত জয় লাভ কৰে ৷ ইংলেণ্ডত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা five-match series ত দুয়ো দলৰে প্ৰদৰ্শনক লৈ সন্তুষ্টি ব্যক্ত কৰিছিল BCCI ৰ সভাপতি সৌৰভ গাংগুলীয়ে ৷

গাংগুলীয়ে টুইটযোগে কৈছিল, "Cricket at its best...Nothing can beat a well-fought test series. The one in Australia and now this one. The most skilfull form of cricket ..@BCCI @ICC,"

  • Cricket at its best..Nothing can beat a well fought test series..The one in Australia and now this one ..The most skilfull form of cricket ..@BCCI
    @ICC

    — Sourav Ganguly (@SGanguly99) September 5, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতে Border Gavaskar Trophy অষ্ট্ৰেলিয়াক 2-1 ত পৰাজিত কৰিছিল ৷

এই শৃংখলাটোৰ সময়ত কেইবাগৰাকীও খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে খেল আধাতে সামৰি অধিনায়ক বিৰাট কোহলী ঘৰলৈ উভতিছিল ৷ কিন্তু ইয়াৰ পিছতো অজিংক্য ৰাহানেৰ নেতৃত্বত আৰু মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ মাৰ্গ দৰ্শনত দলটোৱে প্ৰথমখন টেষ্টত পৰাজিত হোৱাৰ পিছতো ট্ৰফী ঘৰলৈ আনিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে সাজু অসমৰ ছোৱালী দল

Last Updated :Sep 7, 2021, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.