শ্বাৰদুল ঠাকুৰসহ ৬ ক্ৰিকেটাৰক 'মাহিন্দ্ৰা'ৰ বিশেষ উপহাৰ

author img

By

Published : Jan 24, 2021, 3:07 PM IST

শ্বাৰদুল ঠাকুৰসহ ৬ ক্ৰিকেটাৰক 'মাহিন্দ্ৰা'ৰ বিশেষ উপহাৰ

ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ জৰিয়তে টেষ্ট ক্ৰিকেটত আত্ম প্ৰকাশ কৰা ৬ গৰাকী ভাৰতীয় খেলুৱৈক বিশেষ উপহাৰ দিয়াৰ কথা ঘোষণা কৰে 'মাহিন্দ্ৰা' গ্ৰুপে । খেলুৱৈ কেইগৰাকী হ'ল শুভমন গীল ,ৱাছিঙটন সুন্দৰ ,মহম্মদ ছিৰাজ ,টি নটৰাজন ,নবদ্বীপ চাইনী আৰু শ্বাৰদুল ঠাকুৰ ।

স্পৰ্টছ ডেস্ক , ২৪ জানুৱাৰী : শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ঐতিহাসিক বিজয় সাব্য়স্ত কৰাৰ পিছতে বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলটোৱে । টেষ্টত অংশ লোৱা প্ৰতিগৰাকী যুৱ খেলুৱৈকে তেওঁলোকৰ প্ৰচেষ্টাক শুভেচ্ছা জনাইছে দেশবাসীয়ে । এই শৃংখলাৰ জৰিয়তে আন্ত:ৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা ভাৰতীয় খেলুৱৈ কেইগৰাকীকো সকলোৱে প্ৰশংসা কৰিছে ।

এইবাৰ ভাৰতৰ অন্য়তম গাড়ী নিৰ্মাণকাৰী প্ৰতিস্থান 'মাহিন্দ্ৰা' কোম্পনীয়ে এক বিশেষ ঘোষণা কৰে টেষ্টত অংশ লোৱা যুৱ খেলুৱৈৰ বাবে । টেষ্ট শৃংখলাটোৰ জৰিয়তে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰা ভাৰতৰ ৬ গৰাকী যুৱ খেলুৱৈক 'মাহিন্দ্ৰা'ৰ ফালৰ পৰা বিশেষ উপহাৰৰ ঘোষণা কৰে প্ৰতিস্থানটোৱে । খেলুৱৈ কেইগৰাকী হৈছে ক্ৰমে বেটছমেন শুভমন গীল ,অল ৰাউণ্ডাৰ ৱাছিঙটন সুন্দৰ আৰু ফাষ্ট বলাৰ ক্ৰমে মহম্মদ ছিৰাজ, টি নটৰাজন, নবদ্বীপ চাইনী আৰু শ্বাৰদুল ঠাকুৰ ।

  • The reason for this gift is to exhort young people to believe in themselves & ‘Take the road less traveled.’ Bravo Mohammed, Shardul, Shubhman,Natarajan,Navdeep & Washington! I now plead with @Mahindra_Auto to get them their THARS on priority. 😊 (3/3)

    — anand mahindra (@anandmahindra) January 23, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

'মহিন্দ্ৰা' গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই শনিবাৰে টুইটযোগে কয় যে শেহতীয়াকৈ সমাপ্ত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়ত অবিচ্ছেদ্য ভূমিকা পালন কৰা ছয়জন খেলুৱৈক 'মহিন্দ্ৰা থাৰ' এছইউভি উপহাৰ দিয়া হ'ব । অৱশ্য়ে ঠাকুৰে ২০১৮ চনৰ অক্টোবৰত তেওঁৰ প্ৰথম টেষ্টত আঘাটৰ বাবে মাত্ৰ ১০ টা বল কৰিবলৈ সক্ষম হৈছিল যাৰ বাবে তেওঁক এইখন প্ৰথম টেষ্ট হিচাপে বিবেচনা কৰি তেওঁকো উপহাৰ দিব বুলি অধ্য়ক্ষগৰাকীয়ে মন্তব্য় কৰে টুইটত ।

খেলুৱৈ কেইগৰাকীক প্ৰশংসা কৰাৰ লগতে ভৱিষ্য়ত প্ৰজন্মই তেওঁলোকৰ পৰা যথেষ্ট উৎসাহ আৰু প্ৰেৰণা পাব বুলিও আশাবাদী অধ্য়ক্ষ গৰাকী । খেলুৱৈ কেইগৰাকীৰ আত্ম বিশ্বাস বৃদ্ধি কৰাৰ উদ্দেশ্যে এই উপহাৰ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে । সমান্তৰালকৈ এই উপহাৰ দিবলৈ যথেষ্ট আনন্দিত অধ্য়ক্ষ গৰাকীয়ে খেলুৱৈ কেইজনক উপহাৰ গ্ৰহণৰ বাবেও অনুৰোধ জনায় ।

লগতে পঢ়ক : নেশ্যনেল ৰেষ্টলিঙ চেম্পিয়নশ্চিপ : প্ৰথম দিনটোতে সোণ আজুৰিলে পংকজ আৰু ৰৱিন্দৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.