ETV Bharat / sports

বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে ক্লিন ছুইপৰ লক্ষ্য; ভাৰতীয় দলত সঞ্জুৰ স্থানলাভৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 3:35 PM IST

বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে ক্লিন ছুইপৰ লক্ষ্য
বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে ক্লিন ছুইপৰ লক্ষ্য

Ind Afg 3rd T20I : আফগানিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাত ২-০ অগ্ৰগতিৰে ইতিমধ্যে শৃংখলা হস্তগত কৰিছে । তেনেক্ষেত্ৰত দলীয় ব্যৱস্থাপনাই বুধবাৰে অনুষ্ঠিত হ'বলগীয়া তৃতীয় টি-২০ মেচত দলৰ অন্য খেলুৱৈসকলক সুযোগ দিয়াৰ সম্ভাৱনা আছে ।

স্পৰ্টছ ডেস্ক, ১৬ জানুৱাৰী : ভাৰত আৰু আফগানিস্তানৰ মাজত তিনিখন মেচৰ টি-২০ শৃংখলা বৰ্তমান অনুষ্ঠিত হৈ আছে । ভাৰতে ইতিমধ্যে দুখন মেচত আফগানিস্তানক পৰাস্ত কৰি শৃংখলা দখল কৰিছে । আফগানিস্তানৰ বিৰুদ্ধে বাকী থকা তৃতীয়খন মেচ বুধবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । এই মেচখনত ভাৰতীয় দলটোৱে দলৰ অন্য খেলুৱৈসকলক সুবিধা প্ৰদান কৰাৰ সম্ভাৱনা আছে । লগতে ভাৰতৰ লক্ষ্য হ'ব শৃংখলাটোত ৩-০ ব্যৱধানত নিৰংকুশ বিজয় সাব্যস্ত কৰা ।

ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু ৰোহিত শৰ্মাই বিচাৰিব যে আফগানিস্তানৰ বিৰুদ্ধে মূল একাদশত সুযোগ নোপোৱা খেলুৱৈসকলক সুযোগ দিয়া, যাতে তেওঁলোকৰ প্ৰদৰ্শনো চাব পৰা যায় । সঞ্জু ছেমছনক দলত অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁক এতিয়ালৈকে সুযোগ দিয়া হোৱা নাই । ছেমছনৰ অনুৰাগীসকলে তেওঁক দলত অধিক সুযোগ দিয়াটো বিচাৰে, যাতে তেওঁ নিজৰ প্ৰতিভা প্ৰমাণ কৰিব পাৰে ।

আনহাতে, ৰোহিত শৰ্মাই তৃতীয় টি-২০ মেচৰ পূৰ্বে ফৰ্মলৈ উভতি আহিব বিচাৰিব । কাৰণ বিশ্বকাপ, ২০২৪-ৰ পূৰ্বে এইখনেই হৈছে ভাৰতৰ অন্তিম টি-২০ শৃংখলা । সেয়ে দল ব্যৱস্থাপনাই ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে ৰোহিত আৰু কোহলীৰ টি-২০ প্ৰদৰ্শনৰ ওপৰত দৃষ্টি ৰাখিছে । ৰোহিত শৰ্মা প্ৰথম দুখন মেচত শূন্য ৰাণতে পেভিলিয়নলৈ উভতিবলগা হৈছে । অৱশ্যে কোহলীয়ে অন্তিমখন মেচত নিশ্চিতভাৱে দীঘলীয়া ইনিংছ খেলাৰ চেষ্টা কৰিছিল । কিন্তু তেওঁ 29 ৰাণৰ ব্যক্তিগত স্ক'ৰত আউট হয় ।

ভাৰতীয় দলটোৱে ইতিমধ্যে যশস্বী জয়ছোৱাল আৰু শিৱম ডুবেৰ দৰে দুগৰাকী আক্ৰমণাত্মক বেটছমেন লাভ কৰিছে । আফগানিস্তানৰ বিৰুদ্ধে শেহতীয়া দুখন মেচত তেওঁলোকে দুৰ্দান্ত ইনিংছ উপহাৰ দিছে । শিৱম ডুবেয়ে প্ৰথমখন মেচত ৪০ টা বলত ৬০ ৰাণ সংগ্ৰহ কৰাৰ লগতে এটা উইকেট লাভ কৰে । দ্বিতীয়খন মেচত শিৱম ডুবেয়ে ৩২ টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে । আনহাতে, যশস্বী জয়ছোৱালেও 34 টা বলত 68 ৰাণৰ এক মাৰমুখী ইনিংছ খেলে । এতিয়া এইটো লক্ষণীয় হ'ব যে ভাৰতীয় দলটোৱে ক্লিন ছুইপ কৰিব নে এই সপোন অসম্পূৰ্ণ হৈয়ে থাকিব ।

লগতে পঢ়ক :১৫০ খন টি-২০ত অংশগ্ৰহণ কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.