ETV Bharat / sports

ভাৰত আফগানিস্তান তৃতীয় টি২০; পিটচৰ প্ৰকাৰ আৰু সম্ভাৱ্য মূল একাদশৰ এক পূৰ্বানুমান

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 2:22 PM IST

IND vs AFG 3rd T20I : বুধবাৰে ভাৰত-আফগানিস্তান টি-২০ শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ভাৰতীয় দলটোৱে শৃংখলাত ক্লিন ছুইপৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব । আনহাতে, আফগানিস্তানে এই মেচখনত জয়লাভ কৰি সন্মানসহকাৰে বিদায় ল'ব বিচাৰিব । ইয়াৰ উপৰি ভাৰতে ৰিজাৰ্ভ বেঞ্চৰ শক্তি পৰীক্ষাৰ চেষ্টা কৰিব পাৰে ।

ভাৰত আফগানিস্তান তৃতীয় টি২০
ভাৰত আফগানিস্তান তৃতীয় টি২০

স্পৰ্টছ ডেস্ক, ১৭ জানুৱাৰী : ভাৰত আৰু আফগানিস্তানৰ মাজত চলিত টি-২০ শৃংখলাৰ অন্তিমখন মেচ বুধবাৰে বেংগালুৰুত অনুষ্ঠিত হ'ব । তিনিখনীয়া শৃংখলাটো ইতিমধ্যে ভাৰতে ২-০ ব্যৱধানত জয়লাভ কৰিছে । বুধবাৰে টীম ইণ্ডিয়াই আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাত ক্লিন ছুইপ কৰাৰ উদ্দেশ্য অৱতীৰ্ণ হ'ব । আনহাতে, ইব্ৰাহিম জাদৰানৰ নেতৃত্বত আফগান দলটোৱে অন্তিমখন মেচত জয়লাভ কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব বিচাৰিব ।

ইফালে ভাৰতীয় দলটোৱে তৃতীয়খন মেচত তেওঁলোকৰ ৰিজাৰ্ভ বেঞ্চৰ শক্তি পৰীক্ষা কৰাৰ চেষ্টা কৰিব পাৰে । সঞ্জু ছেমছনক দলত অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁ এতিয়ালৈকে খেলিবলৈ সুযোগ পোৱা নাই । সেয়েহে তৃতীয় টি-২০ মেচখনত তেওঁক আফগানিস্তানৰ বিৰুদ্ধে সুযোগ দিব পাৰে । আনহাতে, ভাৰতীয় অপেনাৰ জয়ছোৱাল ফৰ্মত আছে । একে সময়তে শিৱম ডুবেয়েও একেৰাহে দুটাকৈ অৰ্ধশতকীয় ইনিংছ খেলি দলটোত নিজৰ স্থান সুৰক্ষিত কৰিছে ।

এম চিন্নস্বামীৰ পিটছ সমতল আৰু ইয়াক বেটিং অনুকূল বুলি গণ্য কৰা হয় । এই খেলপথাৰত বাউণ্ডেৰী অতি সৰু আৰু আউটফিল্ড অতি দ্ৰুত । গতিকে এই পিটছ আৰু ফিল্ড বেটছমেন সহায়ক । অৱশ্যে নতুন বলে প্ৰথম কেইটামান অ'ভাৰত বলাৰসকলক সহায় কৰিব পাৰে । স্পিন বলাৰসকলেও বল টাৰ্ণ কৰিব বিচাৰিব পাৰে ।

উল্লেখ্য যে ভাৰত আৰু আফগানিস্তানৰ মাজত এতিয়ালৈকে সাতখন টি-২০ আন্তৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে । ইয়াৰে ভিতৰত ভাৰতে 6 খন মেচত জয়লাভ কৰিছে । আনহাতে এখন মেচ বাতিল হৈছে । বেংগালুৰুৰ বতৰৰ বিষয়ে ক'বলৈ গ'লে সন্ধিয়াৰ তাপমাত্ৰা 19 ডিগ্ৰী চেলচিয়াছ হ'ব । অৱশ্যে বৰষুণৰ কোনো সম্ভাৱনা নাই ।

দল দুটা

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, শিৱম ডুবে, সঞ্জু ছেমছন (উইকেটৰক্ষক), ৰিংকু সিং, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, আবেশ খান, মুকেশ কুমাৰ ।

আফগানিস্তান : ৰহমানুল্লাহ গুৰবাজ (উইকেটৰক্ষক), ইব্ৰাহিম জাদৰান (অধিনায়ক), গুলবদিন নাইব, আজমাতুল্লা উমৰজাই, মহম্মদ নবী, নাজিবুল্লা জাদৰান, কৰিম জান্নাত, মুজিব উৰ ৰহমান, নুৰ আহমদ/কাইছ আহমদ, নবিন উল হক, ফজল হক ফাৰুকী

লগতে পঢ়ক :কোচবিহাৰ ট্ৰফীত ৪০৪ ৰাণেৰে অভিলেখ ৰচা প্ৰখৰ চতুৰ্বেদীৰ আদৰ্শ ক্ৰিকেটাৰ ভিভ ৰিচাৰ্ডছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.