ETV Bharat / sports

Cricket World Cup: ৰোহিত শৰ্মাই বিশ্বকাপ নিজিকা পৰ্যন্ত ডেটিঙলৈ নাযায় এগৰাকী অনুৰাগী

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:41 PM IST

ৰোহিত শৰ্মাই বিশ্বকাপ হাতত তুলি নোলোৱালৈকে ডেটিং নকৰে এগৰাকী যুৱতীয়ে ৷ মুকলিভাৱে এই কথা প্ৰকাশ কৰিছে টীম ইণ্ডিয়া তথা ‘হিটমেন’ ৰোহিতৰ অনুৰাগীগৰাকীয়ে ৷ বাংলাদেশৰ বিৰুদ্ধে পুনেত ভাৰত জয়ী হ’ব বুলি আশাবাদী অনুৰাগীসকল ৷

Cricket World Cup
Cricket World Cup

স্প’ৰ্টছ, 19 অক্টোবৰ: ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা বিশ্বকাপ ক্ৰিকেটৰ লীগ মেচখনৰ সময়তে ‘হিটমেন’ ৰোহিত শৰ্মাই ‘ভগৱান’ৰ মৰ্যাদা লাভ কৰিছে । ঘৰুৱা দলৰ সম্ভাৱনাক লৈ উৎকণ্ঠিত ভাৰতীয় অনুৰাগীসকল । তেওঁলোকে আশা কৰিছে যে বৃহস্পতিবাৰে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইচিচি বিশ্বকাপ ২০২৩ ত বাংলাদেশৰ বিৰুদ্ধে জয়ী হ’ব ভাৰত ।

ট্ৰেডমাৰ্ক যুক্ত ভাৰতীয় ক্ৰিকেট দলৰ নীলা ৰঙৰ জাৰ্চি পিন্ধি কেইবাজনো সমৰ্থকে হাতত ত্ৰিৰংগা লৈ উচ্চ স্বৰত "ইণ্ডিয়া ইণ্ডিয়া" বুলি চিঞৰি থকা দেখা যায় ।

তাৰ মাজতে এগৰাকী অনুৰাগীয়ে কঢ়িয়াই অনা এখন পোষ্টাৰ বিশেষভাৱে চৰ্চিত হোৱা দেখা গৈছে ৷ তাত লিখা আছিল, ‘‘ৰোহিত শৰ্মাই বিশ্বকাপ হাতত তুলি নোলোৱালৈকে মই ডেটিং নকৰোঁ ।’’ মহিলা অনুৰাগীগৰাকীয়ে কয় যে ৰোহিতৰ শতকৰ বাহিৰেও যশপ্ৰীত বুমৰাহে বিধ্বংসী বলিঙেৰে সুন্দৰ পাৰদৰ্শিতা দেখুৱাব বুলি তেওঁ আশা কৰে ।

আন এজন অনুৰাগীয়ে ৰোহিতক উদ্দেশ্যি এখন পোষ্টাৰত লিখে, ‘‘ক্ৰিকেট মোৰ ধৰ্ম । ৰোহিত শৰ্মা মোৰ ভগৱান । ৰোহিত শৰ্মাৰ নেতৃত্বত শক্তিশালী ভাৰতে আইচিচি বিশ্বকাপ ২০২৩ৰ পুনেত অনুষ্ঠিত লীগ মেচত বাংলাদেশক পৰাস্ত কৰি নিজৰ জয়ৰ ধাৰা অব্যাহত ৰাখিব লাগে ৷’’

বৃহস্পতিবাৰে দুপৰীয়া ২:০০ বজাৰ পৰা পুনেত চলি থকা বিশ্বকাপ ২০২৩ ৰ ১৭ সংখ্যক খেলখনত ভাৰত বাংলাদেশৰ মুখামুখি হৈছে । এমচিএ ষ্টেডিয়ামৰ বাহিৰত সমবেত অনুৰাগীসকল "১০০ শতাংশ" নিশ্চিত যে ভাৰতে বাংলাদেশক পৰাস্ত কৰিব কাৰণ তেওঁলোকে ঘৰুৱা ক্ৰীজত সুবিধা লাভ কৰিব ।

উৎফুল্লিত অনুৰাগীয়ে কয়, ‘‘আমি টীম ইণ্ডিয়াৰ বাবে উল্লাস কৰিছো । মই ১০০ শতাংশ নিশ্চিত যে বাংলাদেশৰ বিৰুদ্ধে ভাৰতে জয়ী হ’ব ।’’ আকাশ নামৰ এজন অনুৰাগীয়ে কয়, "বাংলাদেশৰ বিৰুদ্ধে ৰোহিত শৰ্মাই শতক অৰ্জন কৰিব । ৰোহিত অসাধাৰণ ফৰ্মত আছে । শেষৰখন মেচত তেওঁ শতকৰ পৰা বঞ্চিত হৈছিল যদিও এইবাৰ তেওঁ নিশ্চিতভাৱে ১৫০ ৰ অধিক ৰান কৰিব । মই ভাবো বুমৰাহে হেট্ৰিক ল'ব ।" ই নিশ্চিত যে ভাৰতে ঘৰুৱা ক্ষেত্ৰত খেলি থকাৰ বাবে বিশ্বকাপ জয় কৰিব । মই ভাবো ঘৰুৱা ক্ষেত্ৰত ভাৰতক পৰাস্ত কৰাটো কঠিন ।"

লগতে পঢ়ক: ICC ODI rankings: কোহলিক চেৰ পেলাই আই চি চি এদিনীয়া ৰেংকিঙত ষষ্ঠ স্থানলৈ উন্নীত ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.