ETV Bharat / sports

পাকিস্তান ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়ক হ'ব বাবৰ আজম : পিচিবি

author img

By

Published : Jun 25, 2020, 1:40 PM IST

পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুখ্য় কাৰ্যবাহী বিষয়া ৱাছিম খানৰ গুৰুত্বপূৰ্ণ মন্তব্য়। আগন্তুক সময়ত বাবৰ আজম পাকিস্তান ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়ক হ'ব বুলি কয় খানে ।

pakistan cricket team board ceo said babar azam is future captain across all three formats
pakistan cricket team board ceo said babar azam is future captain across all three formats

স্পৰ্টছ ডেস্ক, 25 জুনঃ পাকিস্তানী যুৱ ক্ৰিকেটাৰ বাবৰ আজমক লৈ পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ৱাছিৱ খানৰ গুৰুত্বপূৰ্ণ মন্তব্য । আগন্তুক দিনত বাবৰ আজম পাকিস্তান ক্ৰিকেট দলৰ সকলো ফৰ্মেটৰ অধিনায়ক হ'ব বুলি কয় খানে। উল্লেখ্য় যে,বিগত বছৰতেই পাকিস্তান ক্ৰিকেট দলৰ টি-20 ৰ আৰু শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে বাবৰক ।

বাবৰৰ অধিনায়কত্বত প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল পাকিস্তান দলটোৱে। কিন্তু ইয়াৰ পাচতেই বাংলাদেশৰ বিৰুদ্ধে 2-0 ব্য়ৱধানত শৃংখলা জয় লাভ কৰিবলৈ সক্ষম হৈছিল দলটোৱে । বিগত মাহত বাবৰক পাকিস্তান ক্ৰিকেটৰ এদিনীয়াৰ অধিনায়কৰ দ্বায়িত্ব দিয়াৰ বিপৰীতে আজহৰ আলীক টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল ।

পিচিবিৰ CEO গৰাকীৰ মতে, সেইটো দিন দূৰ নাই যেতিয়া তিনিওটা ফৰ্মেটৰ বাবে বাবৰ আজমক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হ'ব। লগতে বাবৰক তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰীম স্মিথৰ সৈতে তুলনা কৰে । যিয়ে কেৰিয়াৰৰ আৰম্ভণিতেই অধিনায়কৰ দায়িত্ব লাভ কৰিছিল ।

খানে কয়, স্মিথক 23 বছৰ বয়সত অধিনায়ক বনোৱা হৈছিল । যেতিয়া কোনো খেলুৱৈক অধিনায়ক বনোৱা হয় তেতিয়া সেই মানুহ জন কেনেকুৱা সেই বিষয়ে চিন্তা কৰা হয়,তেওঁৰ চাপ ল'ব পৰা সক্ষমতা আছে নে নাই ? তেওঁৰ খেলত কিবা প্ৰভাৱ পৰিব নেকি ?

ইয়াৰ লগতে তেওঁ কয়,বাবৰ আজমে নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে । বাবৰ আমাৰ পাকিস্তান দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়ক হ'ব। কিন্তু আমাক 11 জন নেতৃত্ব দিয়া থিয় কৰিব লাগিব । যিটো দীৰ্ঘ সময়ৰ পৰা আমি কৰা নাই । পূৰ্বতে আমি এজন বা দুজন খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰি আছিলো ।

লগতে চাওকঃ বাণিজ্য শাখাৰ ষষ্ঠ স্থানত নগাঁৱৰ ভাৰতী বিদ্যাপীঠৰ কাৰ্তিক ধাৰীৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.