ETV Bharat / sports

ধোনী, গেৰী কীৰ্ষ্টেনে দলত বিচৰা নাছিল বিৰাট কোহলিক !

author img

By

Published : Apr 3, 2020, 2:34 PM IST

ক্ৰীড়াজগতত কৰ'ণা ভাইৰাছৰ প্ৰভাৱ দেখা দিয়াৰ মাজতেই এক বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা পূৰ্ব দল নিৰ্বাচক মণ্ডলীৰ সদস্য দিলীপ ভেংচৰকাৰে ।

ধোনী, গেৰী কীৰ্ষ্টেনে দলত বিচৰা নাছিল বিৰাট কোহলিক !
ধোনী, গেৰী কীৰ্ষ্টেনে দলত বিচৰা নাছিল বিৰাট কোহলিক !

স্পৰ্টছ ডেস্ক, ৩ এপ্ৰিলঃ সমসাময়িক সময়ত বিশ্বৰ মহানতম খেলুৱৈ সকলৰ ভিতৰত অন্যতম হৈছে ভাৰতীয় ক্ৰিকেটৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি । এদিনীয়া ক্ৰিকেটৰ ৰান মেচিন নামে খ্যাত বিৰাট কোহলিৰ ক্ৰীজত পদাৰ্পণে বহু বলাৰৰ বুকুত সৃষ্টি কৰে কম্পনৰ । টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত কোহলিৰ নামত আছে আন্তঃৰাষ্ট্ৰীয় ৭০ টা শতক ।

কোহলিয়ে ৰাষ্ট্ৰীয় দলত পদাৰ্পণ কৰাৰ পূৰ্বে ২০০৮ বৰ্ষত ভাৰতক প্ৰতিনিধিত্ব কৰি ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেটত বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল । কিন্তু শেহতীয়াকৈ প্ৰাক্তন দল নিৰ্বাচন কমিটিৰ দিলীপ ভেংচৰকাৰে কৰা এটা মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিছে সৰ্বত্ৰ ।

বিৰাট কোহলি
বিৰাট কোহলি

কাৰণ ভেংচৰকাৰে কৈছে যে, সেই সময়ত বিৰাটক ভাৰতীয় ৰাষ্ট্ৰীয় দলত স্থান দিয়াটো বিচাৰিছিল তেওঁ । কিন্তু সেই সময়ৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু দলৰ মুখ্য় প্ৰশিক্ষক গেৰী কীৰ্ষ্টেনে এই সিদ্ধান্ত মানি লোৱা নাছিল । বিৰাটৰ বেটিং কৌশল, দক্ষতা প্ৰতি পূৰ্ণ বিশ্বাস আছিল ভেংচৰকাৰৰ । যাৰ বাবে তেওঁ নিজৰ স্থিতি অটল আছিল । যাৰ পৰিণতিত আজি বিশ্ব ক্ৰিকেটত নাম কৰিবলৈ সক্ষম হৈছে বিৰাটে । কিন্তু ইয়াৰ বাবে ভেংচৰকাৰক নিজৰ পদৰ পৰা অব্যাহতি দিয়া হৈছিল । কাৰণ সেই সময়ত তামিলনাডুৰ ক্ৰিকেটাৰ এছ বদ্ৰিনাথৰ সলনি কোহলিক অগ্ৰাধিকাৰ দিছিল ভেংচৰকাৰে ।

ভেংগচৰকাৰে ২০০৮ ত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বি-পাক্ষীক শৃংখলাৰ বাবে কোহিলৰ নাম মনোনিত কৰিছিল । কোহিলৰ প্ৰতিভা বিকশিত কৰাৰ বাবে এটা সুযোগ দিয়া উচিত বুলি ভাবিছিল তেওঁ । অষ্ট্ৰেলিয়াত ইমাৰজিং তথা উদীয়মান খেলুৱৈৰ প্ৰতিযোগিতা আছিল । য'ত গ্ৰুপ এ ত ভাৰতৰ লগত আছিল অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড ।

ধোনী, গেৰী কীৰ্ষ্টেনে দলত বিচৰা নাছিল বিৰাট কোহলিক !
ধোনী, গেৰী

ভেংচৰকাৰে কয়, মই সেই সময়ত মোৰ দলীয় বিষয়া সকলৰ সৈতে ২৩ বছৰ অনুৰ্ধ্বৰ খেলুৱৈক নিৰ্বাচিত কৰাৰ কথা উল্লেখ কৰি বিৰাট কোহলিক দলত স্থান দিছিলো । কিন্তু এই সিদ্ধান্তত অমান্তি হৈছিল সেই সময়ৰ প্ৰশিক্ষক গেৰী কীৰ্ষ্টেন আৰু অধিনায়ক ধোনী । কোহলিৰ বেটিং নেদেখাৰ বাবেই এই সিদ্ধান্ত মানিবলৈ প্ৰস্তুত হোৱা নাছিল দুয়ো । কিন্তু স্থিতিত অটল আছিল তেওঁ । অৱশ্যে ইয়াৰ পৰিণতিত নিজৰ চাকৰি হেৰুৱালগীয়া হ'ল বুলি উল্লেখ কৰি বিচিচিআইৰ সভাপতি এন শ্ৰীনিবাসনক ধন্যবাদ জনাই কটাক্ষ কৰে ।

কোহলি এগৰাকী কৌশলপূৰ্ণ খেলুৱৈ । ধোনী, খ্ৰীষ্টিয়ানে কোহিলৰ বেটিং নেদেখিলেও মই দেখিছো বুলি উল্লেখ কৰি বিৰাটক দলত ৰাখিছিল ভেংচৰকাৰে ।

গছত নহয় এইবাৰ নাৱত কোৱাৰেণ্টাইন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.