ETV Bharat / sports

পেৰিছ অলিম্পিকত সোণৰ পদকৰ বাবে যুঁজিব পি ভি সিন্ধুৱে

author img

By

Published : Aug 5, 2021, 9:34 PM IST

Bronze in Tokyo
পেৰিছ অলিম্পিকত সোণৰ পদকৰ বাবে যুঁজিব পি ভি সিন্ধুৱে

পৰৱৰ্তী ২০২৪ ৰ পেৰিছ অলিম্পিকত দেশৰ হৈ সোণৰ পদক অৰ্জনৰ বাবে চেষ্টা অব্যাহত ৰাখিব পি ভি সিন্ধুৱে ।

স্প’ৰ্টছ ডেস্ক, ৫ আগষ্ট : টকিঅ' অলিম্পিকত (Tokyo Olympics) সোণৰ পদকৰ দাবীদাৰ আছিল ভাৰতীয় বেডমিণ্টন তাৰকা খেলুৱৈ পি ভি সিন্ধু (PV Sindhu)। কিন্তু অশেষ চেষ্টাৰ অন্তত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হ'ল খেলুৱৈগৰাকী । অৱশ্যে খেলুৱৈগৰাকী এই ফলাফলকলৈ যথেষ্ট সুখী । সমান্তৰালকৈ পৰৱৰ্তী অলিম্পিকক লৈ অধিক আশাবাদী খেলুৱৈগৰাকী ।

পৰৱৰ্তী ২০২৪ ৰ পেৰিছ অলিম্পিকত (Paris Olympics) দেশৰ হৈ সোণৰ পদক অৰ্জনৰ বাবে চেষ্টা অব্যাহত ৰাখিব পি ভি সিন্ধুৱে । এক সংবাদমেলত এই কথা স্পষ্ট কৰে খেলুৱৈগৰাকীয়ে । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত সিন্ধুৱে তেওঁৰ পৰিয়ালৰ সদস্য, প্ৰশিক্ষক, পৃষ্ঠপোষক আৰু অনুৰাগীসকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে টকিঅ' অলিম্পিকত পদক জয়ৰ সপোন পূৰ হোৱাৰ বাবে এই মুহুৰ্ত উদযাপন কৰাৰ কথা সদৰী কৰে ।

উল্লেখ্য যে, ২৬ বছৰীয়া খেলুৱৈগৰাকীয়ে পাঁচ বছৰ পূৰ্বে ৰিঅ' অলিম্পিকত (Rio Olympic) ৰূপৰ পদক লাভ কৰিছিল । ইয়াৰ পাছতে টকিঅ'ত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিলে খেলুৱৈগৰাকীয়ে ৷ অলিম্পিকত একেৰাহে পদক অৰ্জন কৰা দ্বিতীয় গৰাকী ভাৰতীয় আৰু প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় পি ভি সিন্ধু ।

লগতে পঢ়ক: Tokyo Olympics: ভেলেৰিয়া ক'বলোভাৰ হাতত পৰাস্ত হ'ল ভাৰতৰ অংশু মালিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.