ETV Bharat / sitara

ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰ: নীৰৱতা ভংগ কৰিলে শিল্পা চেট্টীয়ে

author img

By

Published : Jul 23, 2021, 4:01 PM IST

raj-kundra-arrest-shilpa-shetty-breaks-silence-speaks-about-surviving-challenges
ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ: নীৰৱতা ভংগ কৰিলে শিল্পা চেট্টীয়ে, ইনষ্টাগ্ৰাম ষ্টৰীত জীয়াই থকাৰ প্ৰত্যাহ্বান

স্বামীৰ গ্ৰেপ্তাৰৰ পাচতে অনাগত দিনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু হৈছে অভিনেত্ৰী শিল্পা চেট্টী ৷ এই সন্দৰ্ভত ইনষ্টাগ্ৰামযোগে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে এক বিশেষ প'ষ্ট ৷ জীৱন যাপনৰ ক্ষেত্ৰত তেওঁক একোৱেই বিচলিত কৰিব নোৱাৰে বুলি মন্তব্য অভিনেত্ৰীগৰাকীৰ ৷ পৰ্ণগ্ৰাফী তথা অশ্লীল ৱেব চিৰিজ (Web Series) নিৰ্মাণৰ অভিযোগত স্বামী ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ তিনি দিনৰ পিছত পুনৰ সামাজিক মাধ্যমত দেখা গৈছে অভিনেত্ৰীগৰাকীক ।

চিটাৰা ডেস্ক, ২৩ জুলাই : সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মায়ানগৰী মুম্বাইৰ এটা ঘটনা ৷ শেহতীয়াকৈ পৰ্ণগ্ৰাফী তথা অশ্লীল ৱেব চিৰিজ (Web Series) নিৰ্মাণ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আটক কৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাৰ (Shilpa Shetty)ৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj Kundra)ক । এই ঘটনাৰ পিছতেই অভিনেত্ৰী শিল্পা চেট্টীয়ে বৃহস্পতিবাৰে নিশা এটা ইনষ্টাগ্ৰাম ষ্টৰী শ্বেয়াৰ কৰিছিল যিটোৰ সৈতে লেখক জেমছ থুৰ্বাৰ কিতাপ এখনৰ এটা পৃষ্ঠাৰ সাদৃশ্য দেখিবলৈ পোৱা গৈছে ৷ স্বামী ৰাজ কুন্দ্ৰাক অশ্লীল চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত এটা গোচৰত গ্ৰেপ্তাৰ কৰাৰ কেইদিনমান পিছতেই আহিছে শিল্পা চেট্টীৰ এই ইনষ্টাগ্ৰাম ষ্টৰীটো ৷

Raj Kundra arrest: Shilpa Shetty breaks silence, speaks about 'surviving challenges'
ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ: নীৰৱতা ভংগ কৰিলে শিল্পা চেট্টীয়ে, ইনষ্টাগ্ৰাম ষ্টৰীত জীয়াই থকাৰ প্ৰত্যাহ্বান

ইনষ্টাগ্ৰাম ষ্টৰীত, শিল্পা চেট্টীয়ে উদ্ধৃতিটোৰ এটা বিশেষ অংশত আলোকপাত কৰিছিল ৷ য'ত এইবুলি কোৱা হৈছিল, "আমি যি ঠাইত থাকিব লাগিব সেই ঠাইখন এতিয়া ইয়াতে আছে । কি হৈছে বা কি হ'ব পাৰে তাক উদ্বিগ্নতাৰে চোৱা নাই কিন্তু কি আছে সেই বিষয়ে সম্পূৰ্ণভাৱে অৱগত।" নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত অভিনেত্ৰীগৰাকীয়ে আহিবলগীয়া দিনত সন্মুখীন হ'বলগীয়া প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ কথাও উল্লেখ কৰিছে ৷ তেওঁ এটা বিশেষ পষ্ট শ্বেয়াৰ কৰিছে য'ত তেওঁক একোৱে বিচলিত কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে ৷

অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টটোত এইবুলি উল্লেখ আছে, "I take a deep breath, knowing that I'm lucky to be alive. I have survived challenges in the past and I will survive challenges in the future. Nothing need to distract me from living my life today." উল্লেখ্য যে, সোমবাৰে ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লগতে সেইসমূহ এপযোগে প্ৰকাশ কৰাৰ অপৰাধত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আৰক্ষীয়ে জনোৱা মতে, ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে আৰক্ষীৰ হাতত পৰ্যাপ্ত প্ৰমাণ আছে ।

এই অনুসন্ধানত শিল্পা চেট্টীৰ কোনো সক্ৰিয় ভূমিকা নাই বুলি আৰক্ষীয়ে ইতিমধ্যে জানিবলৈ দিছে ৷ ইফালে ৰাজ কুন্দ্ৰাৰ অধিবক্তাই অশ্লীল চলচ্চিত্ৰৰ ওপৰত আৰক্ষীৰ গোচৰত ৰাজ কুন্দ্ৰাৰ ছবিৰ বিষয়বস্তুক পৰ্ণগ্ৰাফী হিচাপে শ্ৰেণীবদ্ধ কৰাত আপত্তি জনাইছে । ৰাজ কুন্দ্ৰাই গোচৰটোত আগতীয়া জামিন বিচাৰিছিল যদিও তেওঁক শুকুৰবাৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।

এই গোচৰত বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হৈছে 11 জন লোক ৷ যাৰ ভিতৰত আছে কুন্দ্ৰাৰ ঘনিষ্ঠ সহযোগী ৰিয়ান থৰ্প ৷ ৰিয়ানে তেওঁৰ কোম্পানীৰ তথ্য প্ৰযুক্তি দিশটো চোৱাচিতা কৰিছিল বুলি জানিব পৰা গৈছে ।

2009 চনত বিবাহপাশত আৱদ্ধ হোৱা শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰা দুটা সন্তানৰ পিতৃ-মাতৃ । প্ৰায় চৈধ্য বছৰৰ বিৰতিৰ মূৰত ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তনৰ বাবে অভিনেত্ৰীগৰাকী সাজু হোৱাৰ সময়তে স্বামী ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ ঘটনাই গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷ অভিনেত্ৰীগৰাকীক পৰেশ ৰাৱাল, ৰাজপাল যাদৱ, মীজান জাফৰী আৰু প্ৰাণিতা সুভাষৰ সৈতে প্ৰিয়দৰ্শনৰ হাংগামা ২ ত দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক:কিয় ৰাজ কুন্দ্ৰাৰ অফাৰ প্ৰত্যাখ্যান ঈশিকা বৰাৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.