ETV Bharat / sitara

পদক পালেহে উত্তৰ-পূৰ্বাঞ্চলৰ লোক ভাৰতীয় হয় : অংকিতা কোঁৱৰ

author img

By

Published : Jul 27, 2021, 6:18 PM IST

বলীউডৰ অভিনেতা তথা মডেল মিলিন্দ সুমনৰ পত্নী তথা অসমৰ জীয়ৰী অংকিতা কোঁৱৰৰ মতে ভাৰত এতিয়াও বৰ্ণবাদৰ দ্বাৰা আক্ৰান্ত । উত্তৰ-পূৱৰ কোনো লোকে পদক জিকিলেহে ভাৰতীয় হ'ব পাৰে ।

Northeast people
পদক পালেহে উত্তৰ পূৰ্বাঞ্চলৰ লোক ভাৰতীয় হয়

চিটাৰা ডেস্ক, ২৭ জুলাই : শেহতীয়াকৈ দেশৰ ভিন্ন প্ৰান্তত উত্তৰ-পূৱৰ যুৱক-যুৱতীৰ ওপৰত আক্ৰমণ অব্যাহত আছে । বহিঃৰাজ্যত নিৰ্যাতনৰ বলি হোৱা অসম তথা উত্তৰ-পূৱৰ বহু যুৱক-যুৱতীয়ে এতিয়াও ন্যায় পোৱা নাই । তেনে সময়তে বলীউডৰ অভিনেতা তথা মডেল মিলিন্দ সুমনৰ (Milind Soman) পত্নী তথা অসমৰ জীয়ৰী অংকিতা কোঁৱৰে চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত । সামাজিক মাধ্যমত উত্তৰ পূৰ্বাঞ্চলকলৈ কৰা এটা পোষ্টৰ বাবে চৰ্চিত হৈছে অংকিতা কোঁৱৰ ।

শেহতীয়াকৈ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰৰ মীৰাবাই চানুৱে (Mirabai Chanu)। তাৰ পিছতে অংকিতাই বিশেষ পোষ্টটো শ্বেয়াৰ কৰে ৷ উত্তৰ-পূবৰ লোকসকলৰ বিৰুদ্ধে কৰা বৰ্ণবৈষম্যৰ বিৰুদ্ধে মতামত প্ৰকাশ কৰিছে অংকিতাই ।

অংকিতাৰ মতে, টকিঅ' অলিম্পিকত (Tokyo Olympic) ভাৰোত্তোলক মীৰাবাই চানুৰ ৰূপৰ পদক লাভ কৰা বিষয়টোক লৈ বিজয় উৎসৱ উদযাপন কৰা একাংশ লোক ভণ্ড ।

তেওঁ লগতে কয় যে ভাৰত এতিয়াও বৰ্ণবাদৰ দ্বাৰা আক্ৰান্ত । তেওঁৰ মতে উত্তৰ-পূৱৰ কোনো লোকে পদক জিকিলেহে ভাৰতীয় হ'ব পাৰে । অন্যথা উত্তৰ-পূৱৰ লোকসকলক বহুতে চিংকি, চীনা, নেপালী আৰু সম্প্ৰতি নতুনকৈ কৰ'ণা বুলি সম্বোধন কৰে বুলি সামাজিক মাধ্যমত ৷

  • If you’re from Northeast India, you can become an Indian ONLY when you win a medal for the country.
    Otherwise we are known as “chinky” “Chinese” “Nepali” or a new addition “corona”.
    India is not just infested with casteism but racism too.
    Speaking from my experience. #Hypocrites

    — Ankita Konwar (@5Earthy) July 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই ক্ষেত্ৰত নিজৰ অভিজ্ঞতা আছে বুলি উল্লেখ কৰি অংকিতাই কয়, ভাৰত কেৱল জাতিবাদৰ দ্বাৰা আক্ৰান্ত নহয় বৰ্ণবাদৰ দ্বাৰাও আক্ৰান্ত । অংকিতাৰ এই পোষ্টৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । বহুতে তেওঁৰ কথাত একেমুখে সন্মতি দিয়ে যদিও আন বহুতে তেওঁৰ কথাক অস্বীকাৰ কৰি ভাৰতৰ বৈচিত্ৰতাক আঙুলিয়াই দিয়ে ।

এগৰাকীয়ে অংকিতাৰ পোষ্টটোৰ প্ৰতিক্ৰিয়া দি কৈছে যে দুই-এটা অপ্ৰীতিকৰ ঘটনাই প্ৰকৃত ছবিখন দাঙি নধৰে । অৱশ্যে এই পোষ্টটোক উপহাস কৰি অংকিতাই কয় যে যেতিয়ালৈ কোনো এজন ব্যক্তি নিজে প্ৰভাৱান্বিত নহয়, তেতিয়ালৈ কোনোৱে ইয়াক অনুভৱ কৰিব নোৱাৰে । উল্লেখ্য যে মিলিন্দ সুমন আৰু অংকিতা কোঁৱৰ ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল । তেওঁলোকৰ বিবাহৰ সময়ত বহুতে দুয়োগৰাকীকে ট্ৰ'ল কৰা দেখা গৈছিল কিয়নো তেওঁলোকৰ দুয়োৰে বয়সৰ ব্যৱধান ২৬ বছৰ ।

লগতে পঢ়ক : অভিনেতা হোৱাৰ মন কণ্ঠশিল্পী গুৰু ৰন্ধাৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.